ETV Bharat / state

Silsako Eviction : উচ্ছেদৰ নামত শিলসাঁকোত মানৱ অধিকাৰ উলংঘন হৈছে,উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:10 PM IST

শিলসাঁকোৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাত বাধা প্ৰদান অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক ৷ চৰকাৰখনৰ গাত দোষ আছে সেইবাবেই উচ্ছেদস্থলীত প্ৰবেশ কৰাত আমাক বাধা প্ৰদান কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ ৷

Assam TMC Chief Ripun Bora
শিলসাঁকোৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাত বাধা প্ৰদান
শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

গুৱাহাটী, 2 ছেপ্টেম্বৰ : অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক শিলসাঁকোৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাত বাধা প্ৰদান আৰক্ষীৰ ৷ শিলসাঁকোৰ উচ্ছেদস্থলীৰ পৰা উভতাই পঠাই অসম তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীক ৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ৰিপুন বৰাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি তৃণমূল কংগ্ৰেছৰ নেতাজনে কয় যে, চৰকাৰখন ইমান ফেচীবাদী, চৰকাৰখনৰ গাত দোষ আছে সেইবাবেই উচ্ছেদস্থলীত প্ৰবেশ কৰাত আমাক বাধা প্ৰদান কৰিছে ৷ এই মানুহখিনিৰ মনৰ বেদনা আমাক শুনিবলৈ দিয়া নাই, কাৰণ চৰকাৰে ভয় কৰে ৷ আমি মানৱীয় দায়িত্ব পালনৰ বাবে উচ্ছেদস্থলীত উপস্থিত হৈছিলো ৷ আমাক মানৱীয় অধিকাৰ, গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি কয় তেওঁ ৷

শিলসাঁকোৰ উচ্ছেদৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি তেওঁ কয় যে, জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰখনৰ দিনত অসমীয়া নাৰী উলংগ হ’বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজক ৷ অৰ্ধ উলংগ হৈ তেওঁলোকক প্ৰতিবাদ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাধ্য কৰিলে ৷ ইয়াৰ বাবে প্ৰকৃততে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ৰূপে জগৰীয়া ৷ এই কাৰ্যক ধিক্কাৰ জনাইছোঁ বুলি কৈ নেতাজনে কয় যে, শিলসাঁকোত মানৱ অধিকাৰ খৰ্ব কৰি চৰকাৰে চৰম অন্যায়ভাৱে উচ্ছেদ চলাইছে ৷ সেয়েহে আমি শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী জনাইছোঁ বুলি কয় তৃণমূল কংগ্ৰেছৰ নেতাজনে ৷

শিলসাঁকোত এটা বিশেষ সংগঠনে আন্দোলন কৰি প্ৰতিবাদকাৰীক উচটাই আছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ প্ৰত্যাহ্বান জনাই ৰিপুন বৰাই কয় যে, কোনটো ৰাজনৈতিক দলে প্ৰতিবাদকাৰীক উচটাইছে প্ৰমাণ দিয়ক ৷ আমিও প্ৰমাণ দিবলৈ সাজু আছোঁ বুলি মন্তব্য কৰে তেওঁ ৷ ইফালে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নি প্ৰদান কৰি তেওঁ কয় যে, উইচিৰিঙাৰ পাখি গজে মৰিবৰ সময়ত, যেতিয়া এটা চাকি নুমাব খোজে তেতিয়া সি বেছিকৈ জ্বলে ৷ আজি অসমত বিজেপিৰ সেই অৱস্থাই হৈছে ৷ তেওঁলোকৰ দিন চমু চাপি আহিছে ৷ সেইবাবে তেওঁলোক ইমান চূড়ান্ত অত্যাচাৰলৈ গৈছে ৷ আৰু ইয়েই তেওঁলোকৰ এদিন পতনৰ কাৰণ হ’ব বুলি কয় নেতাজনে ৷

লগতে পঢ়ক : Silsako Eviction : শিলসাঁকোত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.