ETV Bharat / state

Ripun Bora: CBI ৰ ওপৰত আমাৰ আস্থা নাই: ৰিপুণ বৰা

author img

By

Published : May 27, 2023, 7:17 PM IST

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ সংবাদমেল ৷ শেহতীয়া কেইবাটাও বিষয়ৰ ওপৰত চৰকাৰক কঠোৰ সমালোচনা কৰে তেওঁ ৷ জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰিপুণ বৰাই (Assam TMC Chief Ripun Bora) ৷

Press Meet of Ripun Bora
অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

ৰিপুণ বৰাৰ সংবাদমেল

গুৱাহাটী, ২৭ মে’ : মহানগৰীৰ জয়ানগৰত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল ৷ সংবাদমেলত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই শেহতীয়া কেইবাটাও বিষয়ৰ ওপৰত চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ সভাপতিগৰাকীয়ে আৰক্ষী উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Assam TMC Chief Ripun Bora) ৷

জোনমণি ৰাভাৰ মৃত্যু স্বাভাৱিক নহয় বুলি দাবী কৰি তেওঁ কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক দিয়া হৈছে ৷ কিন্তু বৰ্তমান সময়ত CBI তদন্তৰো কোনো অৰ্থ নাই ৷ CBI তদন্তই ফল নধৰে, CBI ৰ ওপৰত আমাৰ আস্থা নাই বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । আচলতে তদন্তৰ দায়িত্ব CBI ক দি সমগ্ৰ ঘটনাটো তল পেলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে (Ripun Bora Reacts on Junmoni Rabha Death Case) ৷ কেইদিনমান পূৰ্ৱে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আৰক্ষীৰ লগতে সকলোকে আহ্বান জনাইছে যে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত কোনেও আৰু কোনো কথা পাতিব নালাগে ৷ কিয়নো এই বিষয়টোৰ তদন্ত CBI ক দিয়া হৈছে ৷

মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ অৰ্থ কি বুলি প্ৰশ্ন কৰি ৰিপুণ বৰাই কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত এনেদৰে মন্তব্য কৰি সমগ্ৰ বিষয়টো তল পেলাব বিছাৰিছে ৷ সেয়েহে CBI ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ আস্থা নাই আৰু জোনমণি ৰাভাৰ মৃত্যু বিষয়টোৰ ন্যায়িক তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে (Ripun Bora Press Meet on Junmoni Rabha Death Case) ৷

লগতে ৰিপুণ বৰাই কয় যে, লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰক নিযুক্তি দিয়া হ’ল ৷ আনন্দ মিশ্ৰৰ এটা সকীয়নিতে ত্ৰিছতকৈ অধিক অপৰাধীযে আত্মসমৰ্পণ কৰিলে ৷ সেইগৰাকী আৰক্ষী বিষয়াকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিডিয়াত কথা নকবলৈ সকীয়নি দিলে ৷ আনন্দ মিশ্ৰক কিয় ধমক দিছে মুখ্যমন্ত্ৰীয়ে? আনন্দ মিশ্ৰক মেডিয়াত কথা কবলৈ বন্ধ কৰিছে কিয় ? চৰকাৰৰ বিৰুদ্ধে আনন্দ মিশ্ৰই কোনো কথা কোৱা নাই তেন্তে আৰক্ষী অধীক্ষকগৰাকীক মুখ্যমন্ত্ৰীয়ে কিয় ধমক দিছে বুলিও প্ৰশ্ন কৰে সভাপতিগৰাকীয়ে (Junmoni Rabha Death Case) ৷

আনহাতে মণিপুৰত শেহতীয়াকৈ সৃষ্টি হোৱা আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভতো মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৷ তেখেতে কয় যে মণিপুৰৰ পৰিস্থিতিৰ এতিয়া অধিক অৱনতি ঘটিছে ৷ য’ত এতিয়া মন্ত্ৰীৰো নিৰাপত্তা নোহোৱা হৈছে ৷ মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ এই ক্ষেত্ৰত আজি নেডাৰ আহ্বায়ক ক’ত আছে, কিয় নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই এবাৰো খবৰ লোৱা হোৱা নাই বুলি প্ৰশ্ন কৰে তেওঁ ৷ লগতে গৃহমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিলাবলৈ আহিবলৈ সময় হয়, কিন্তু মণিপুৰ, মিজোৰামৰ খবৰ লবলৈ সময় নহয় গৃহমন্ত্ৰীৰ বুলিও মন্তব্য কৰে নেতাজনে ৷ বিধায়ক কিনা-বেছা কৰিবলৈ নেডাৰ আহ্বায়ক হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মা নেডাৰ কি কামৰ বাবে আছে? কিয় মণিপুৰ মিজোৰামৰ যোৱা নাই, কিয় উত্তৰ পূৰ্বাঞ্চলৰ মানুহক নিৰাপত্তা দিব পৰা নাই বুলিও মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক ধিক্কাৰ দিয়ে ৰিপুণ বৰাই (Press Meet of Ripun Bora) ৷

লগতে পঢ়ক: Violence Hit Manipur : মণিপুৰত নিয়োজিত সেনাৰ সংখ্য বৃদ্ধি; সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.