গুৱাহাটী, 26 ছেপ্টেম্বৰঃ ৰাজ্যত চলিছে এতিয়া উপ নিৰ্বাচনৰ বতাহ ৷ শাসক, বিৰোধী সকলো ৰাজনৈতিক দলে পূৰ্ণগতিত চলাইছে উপ নিৰ্বাচনৰ প্ৰস্তুতি ৷ ৰাজ্যিক বিজেপি দলৰ আগন্তক উপসভা নিৰ্বাচনৰ বাবে তিনিজনীয়া প্ৰাৰ্থীৰ পেনেলৰ নাম ঘোষণা ৷ বুধবাৰে মঙলদৈ সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই উপ নিবাৰ্চনৰ বাবে তিনিটা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ পেনেলৰ নাম ঘোষণা কৰে ৷ সোনাৰী,ৰাতাবাৰী আৰু ৰঙাপৰা এই তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে বিজেপিৰ সাংসদগৰাকীয়ে ৷ সোনাৰী সমষ্টিৰ বাবে নৱনীতা সন্দিকৈ, স্বাক্ষৰ গগৈ, অনুপ সিং ৰাজপুৰোহিত, আনহাতে ৰাতাবাৰীত বিজয় মালাকাৰ,জয়দেৱ দাস,সুনীল বীণ আৰু ৰঙাপৰা সমষ্টিৰ বাবে ৰাজেন বৰঠাকুৰ,বাটাছ ওৰাং আৰু কেশৱ উপাধ্যায়ৰ নাম ঘোষণা কৰে পেনেলত ৷ বৰ্তমানলৈ ঘোষণা হোৱা নাই জনীয়া সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল। এই সন্দৰ্ভত জনীয়া সমষ্টিৰ প্ৰাৰ্থীত্ব ঘোষণাৰ দায়িত্ব ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসক দিয়া হৈছে বুলি জনাই সাংসদ দিলীপ শইকীয়াই ৷
তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত পেনেলৰ তালিকা
- সোণাৰী সমষ্টিঃ সোণাৰী নৱনীতা সন্দিকৈ,স্বাক্ষৰ গগৈ,অনুপ সিং ৰাজপুৰোহিত
- ৰাতাবাৰী সমষ্টিঃ বিজয় মালাকাৰ,জয়দেৱ দাস,সুনীল বিণ
- ৰঙাপৰা সমষ্টিঃ ৰাজেন বৰঠাকুৰ,বাটাছ ওৰাং,কেশৱ উপাধ্যায়