ETV Bharat / state

বছৰৰ প্ৰথমটো দেওবাৰত চিৰিয়াখানাত ব্যাপক জন সমাগম

লক ডাউনৰ অন্তত মুকলি হোৱা চিৰিয়াখানাত এইবাৰ পৰ্যটকৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল কেংগেৰু, ইন্টেলিজেন্ট মাংকি, দুস্প্ৰাপ্য মাকাউ জিৰাফ আদি ৷ দীৰ্ঘদিনৰ অন্তত চিৰিয়াখানাত এনেবোৰ দুস্প্ৰাপ্য প্ৰজাতিৰ জীৱ দেখি অভিভূত হৈ পৰিল পৰ্যটক ৷

চিৰিয়াখানাত ব্যাপক জন সমাগম
চিৰিয়াখানাত ব্যাপক জন সমাগম
author img

By

Published : Jan 3, 2021, 8:37 PM IST

গুৱাহাটী, 3 জানুৱাৰী: বহু প্ৰতিক্ষাৰ অন্তত পহিলা জানুৱাৰীৰ পৰা সৰ্বসাধাৰণৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা ৷ কৰ'ণা মহামাৰীৰ বাবে সুদীৰ্ঘ প্ৰায় দহ মাহ কাল পৰ্যটকৰ বাবে বন্ধ হৈ থকাৰ পাছত এতিয়া চিৰিয়াখানাত ব্যাপক সমাগম পৰিলক্ষিত হৈছে পৰ্যটকৰ ৷ বছৰৰ তৃতীয়টো দিনত পৰ্যটকেৰে বিৰ দি বাট নোপোৱা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা ৷

বছৰৰ প্ৰথমটো দেওবাৰত চিৰিয়াখানাত ব্যাপক জন সমাগম

বিশেষকৈ লক ডাউনৰ অন্তত মুকলি হোৱা চিৰিয়াখানাত এইবাৰ পৰ্যটকৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল কেংগেৰু, ইন্টেলিজেন্ট মাংকি, দুস্প্ৰাপ্য মাকাউ জিৰাফ আদি ৷ দীৰ্ঘদিনৰ অন্তত চিৰিয়াখানাত এনেবোৰ দুস্প্ৰাপ্য প্ৰজাতিৰ জীৱ দেখি অভিভূত হৈ পৰিল পৰ্যটক ৷

অৱশ্যে কৰ'ণা মহামাৰীৰ বাবে সতৰ্কতা গ্ৰহণ কৰি চিৰিয়াখানা কৰ্তৃপক্ষই পৰ্যটকৰ সংখ্যা সীমিত কৰাত কিছু অসুবিধা হোৱা পৰিলক্ষিত হ’ল ৷ প্ৰায় সংখ্যক পৰ্যটকেই টিকটৰ পৰা বঞ্চিত হৈ নিৰাশভাৱে উভটিব লগীয়াও হ'ল ঘৰলৈ ৷ মহামাৰীৰ বাবে অৱলম্বন কৰা সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানা কৰ্তৃপক্ষই এইবাৰ অনলাইনযোগে টিকট বুকিঙৰ ব্যৱস্থা কৰিছে ৷ যিটো পৰ্যটকৰ বাবে হৈ পৰিছে আন এক সমস্যা ৷ প্ৰায় সংখ্যক পৰ্যটকেই এনে ব্যৱস্থাক শলাগ লৈছে যদিও, কিছু কিছু লোকে টিকট ক্ৰয়ক লৈ বিবুদ্ধিত পৰা পৰিলক্ষিত হ’ল ৷ পাছে যিয়েই নহওক বছৰৰ প্ৰথমটো দেওবাৰত চিৰিয়াখানা দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীসকলক যথেষ্ট উৎসাহী হোৱা দেখা গ’ল ৷

লগতে পঢ়ক: দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.