গুৱাহাটী, 3 জানুৱাৰী: 2020 বৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য হৈ পৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদ ৷ প্ৰথম দিনটোতে চিৰিয়াখানাত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় যদিও, যোৱা বৰ্ষৰ তুলনাত এই বছৰ হ্ৰাস পালে দৰ্শনাৰ্থীৰ সংখ্যা ৷ চিৰিয়াখানাৰ বন বিষয়াই দিয়া তথ্য অনুসৰি এই বৰ্ষৰ প্ৰথম দিনটোত 10 হাজাৰ 700 দৰ্শনাৰ্থীৰ পৰা 2 লাখ 82 হাজাৰ টকা ৰাজহ সংগ্ৰহ হোৱাৰ বিপৰীতে, বিগত বৰ্ষত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ আছিল 3 লাখ 72 হাজাৰ টকা ৷
লগতে পঢ়ক: অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ