ETV Bharat / state

পহিলা ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব অসম ৰাজ‍্যিক চিৰিয়াখানা

প্ৰায় সাত মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ৷ দুটাকৈ বাঘৰ পোৱালী, এটা বাঘৰ পোৱালী আৰু এটা জলহস্তীৰ পোৱালী হ'ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

author img

By

Published : Oct 18, 2020, 2:14 PM IST

Assam State Zoo will open from december for visitors guwahati kamrup metro assam etv bharat news
অসম ৰাজ‍্যিক চিৰিয়াখানা

গুৱাহাটী 18 অক্টোবৰ: প্ৰায় সাত মাহৰ অন্তত এক ডিচেম্বৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি খোলা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা ৷ চিৰিয়াখানালৈ অহা প্ৰতিজন দৰ্শনাৰ্থীয়ে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷ দিনৰ আঠ বজাৰ পৰা এঘাৰ বজালৈ আৰু এক বজাৰ পৰা চাৰি বজালৈ মুঠ দুটা পৰ্যায়ত প্ৰায় নশতাধিক পৰ্যটকক সোমাবলৈ দিয়া হ’ব চিৰিয়াখানাত ৷

পৰ্যটকৰ বাবে মুকলি হ'ব অসম ৰাজ‍্যিক চিৰিয়াখানা

আনহাতে চিৰিয়াখানা দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলৰ টিকট বুকিঙৰ ব্যৱস্থাতো কেতবোৰ কিছু নতুন নীতি নিয়ম নিৰ্ধাৰণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ অনলাইনযোগে টিকট বুকিং কৰিব লাগিব দৰ্শনাৰ্থী সকলে ৷ যিসকল দৰ্শনাৰ্থীয়ে অনলাইন ব্যৱস্থাৰে টিকট ক্ৰয় কৰিবলৈ অসুবিধা সন্মুখীন হ’ব তেওঁলোকক চিৰিয়াখানাত থকা অনলাইন ব্যৱস্থাৰ যোগেদি টিকট ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰা হ’ব ৷ অৱশ্যে টিকতৰ মাচুলৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্ধাৰিত হাৰ সমূহেই থাকিব ৷

এইবাৰ চিৰিয়াখানাত পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব দুটাকৈ বাঘৰ পোৱালী, এটা সিংহৰ পোৱালী আৰু এটা জলহস্তীৰ পোৱালী ৷ প্ৰায় এহাজাৰৰো অধিক বন্য পশু পক্ষী থকা অসম ৰাজ্যিক চিৰিয়াখানাত শেহতীয়াকৈ সংযোজিত হৈছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বিৰল প্ৰজাতিৰ পশু তথা পক্ষী ৷

লগতে পঢ়ক: হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.