ETV Bharat / state

Assam State Kisan Sabha : বিজেপি চৰকাৰৰ কৃষকৰ আয় দুগুণ কৰাৰ প্রতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হৈছে; টিকেন দাস - অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি

বিজেপি চৰকাৰে কৃষকৰ আয় দুগুণ কৰিব বুলি যি প্রতিশ্রুতি দিছিল সেইয়া ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি মন্তব্য অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসৰ ৷ প্ৰতি বছৰে ৰাজ্যখনৰ বান গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই চৰকাৰী তথা বনাঞ্চলত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালক চৰকাৰে নিৰ্মমভাৱে উচ্ছেদ কৰিছে বুলিও কয় তেওঁ ৷

Assam State Kisan Sabha President Tiken Das
চৰকাৰক সমালোচনা অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসৰ
author img

By

Published : Aug 7, 2023, 5:51 PM IST

অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসৰ সৈতে বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, 7 আগষ্ট : অসম এখন কৃষি প্রধান ৰাজ্য ৷ অসমৰ আধাতকৈও বেছি সংখ্যক লোক কৃষিৰ সৈতে জড়িত ৷ যাৰ বাবে অসমত কৃষিৰ গুৰুত্ব অধিক ৷ কিন্তু অসমত কৃষিৰ লগত জড়িত কৃষক বিভিন্ন সমস্যাৰে জৰ্জৰিত ৷ চৰকাৰৰ আঁচনিবোৰে এতিয়াও প্ৰকৃত কৃষকক চুব পৰা নাই ৷ চৰকাৰী আচঁনিৰ দ্বাৰা উপকৃত হ’ব পৰা নাই কৃষক ৷ অসমৰ কৃষি আৰু কৃষকৰ সমস্যা সন্দৰ্ভত মতামত লোৱাৰ বাবে অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসৰ কাষত উপস্থিত হৈছিল ইটিভি ভাৰতৰ সাংবাদিক ৷

এই সন্দৰ্ভত অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসে কয় যে, বিজেপি চৰকাৰে কৃষকৰ আয় দুগুণ কৰিব বুলি যি প্রতিশ্রুতি দিছিল সেইয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ এই চৰকাৰৰ দিনত কৃষি পণ্য উৎপাদনৰ বাবে সাৰ, বীজ, কীটনাশক, কৃষি সজুঁলি লগতে ডিজেলৰ যি হাৰত মূল্য বৃদ্ধি হৈছে সেই অনুপাতে উৎপাদিত ফচলৰ নাৰ্য মূল্যৰ পৰা কৃষক বঞ্চিত হৈ আহিছে ৷ ন্যূনতম সমর্থিত মূল্য নিশ্চিত আইন প্রণয়নৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ পৰা চৰকাৰে আজিও আঁতৰি আছে ৷ ফলস্বৰূপে চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থিত মূল্যৰ পৰাও কৃষক বঞ্চিত হৈ আছে ৷

তেওঁ লগতে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন বাজেটত কৃষি আৰু কৃষি সম্পৰ্কীয় বাজেটৰ ধন হ্ৰাস কৰিছে ৷ এশ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ প্ৰতিশ্রুতিও ধোঁৱা চাঙত উঠিছে ৷ এই বছৰত কৃষকে বৰষুণৰ অভাৱত সময়ত কঠিয়া পাৰিব নোৱাৰিলে ৷ এনেবোৰ কাৰণতে অসমত বিগত বৰ্ষত ধানৰ উৎপাদন হ্রাস পায় ৷ তেওঁ কয় যে, ভূমিহীনক ভূমি দিয়া চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ হৈছে ৷ ভূমিহীনক ভূমি দিয়াৰ সলনি বৃহৎ ব্যৱসায় গোষ্ঠী তথা দেশী-বিদেশী পুঁজিপতি সকলকহে ভূমি আবণ্টন দিয়া দেখা যায় ৷

প্ৰতি বছৰে ৰাজ্যখনৰ বান গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই চৰকাৰী তথা বনাঞ্চলত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালক চৰকাৰে নিৰ্মমভাৱে উচ্ছেদ কৰিছে ৷ কোনো কানো ক্ষেত্ৰত ন্যায়ালয়ৰ নিৰ্দেশকো আওকান কৰি উচ্ছেদ কার্য চলাইছে ৷ বিজেপি দলৰ দৰ্শন অনুসৰিয়ে মুছলমান, জনজাতি আৰু দলিত সম্প্ৰদায়ৰ জনসাধাৰণক উচ্ছেদৰ লক্ষ্য কৰি লোৱা দেখা যায় বুলি কয় তেওঁ ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বনাঞ্চল অধিকাৰ আইন সংশোধন কৰি জনজাতি আৰু বনাঞ্চলত পৰম্পৰাগতভাৱে বসবাস কৰা লোকসকলে ভোগ কৰি অহা অধিকাৰসমূহৰ কৰ্তন কৰিলে আৰু বনাঞ্চল ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচাৰিছে বুলিও মন্তব্য কৰে সভাপতিজনে ৷

কৃষক সভাৰ সভাপতিজনে কয় যে, কৃষি ক্ষেত্ৰত চৰকাৰৰ ভুল নীতিৰ বাবে কৃষি অর্থনীতি ভাঙি পৰিছে ৷ ফলত গ্রামাঞ্চলত নিবনুৱা সমস্যাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰৰ ফচল‌ বীমা যোজনা সন্দৰ্ভত কৃষক সভাৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰৰ ফচল‌ বীমা যোজানৰ সুফল প্ৰকৃত খেতিয়কে পোৱাৰ পৰা বঞ্চিত হৈছে ৷ এই ক্ষেত্ৰত বিভিন্ন অনিয়ম সংঘটিত হৈছে ৷ ইয়াৰ বিৰুদ্ধে কৃষক সভাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ টিকেন দাসে কয় যে সম্প্ৰতি গণতন্ত্ৰ ৰক্ষাৰ হকে আৰু চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে দেশ তথা ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে কৃষক, শ্ৰমিক, ছাত্র, যুৱ, মহিলাসহ বিভিন্ন সংগঠন ঐক্যবদ্ধ হৈছে ৷

লগতে পঢ়ক : Protest against price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত ATASU ৰ গৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.