ETV Bharat / state

Assam Love Jihad Controversy: এজাহাৰৰ উজান উঠিছে; গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা - হিমন্ত বিশ্ব শৰ্মা

লাভ জিহাদৰ প্ৰসংগত মহাভাৰতক সাঙুৰি বিপদত ভূপেন বৰা ৷ ৰাজ্যজুৰি ভূপেন বৰাৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাৰ ২৮৩ খন এজাহাৰ দাখিল ৷ কেৱল মিঞাক ভাগ্য নিয়ন্ত্ৰা বুলি ভাবি নিজৰ সভ্যতা-সংস্কৃতিক তুচ্ছ-তাচ্ছিল্য নকৰিবলৈ ভূপেন বৰাক সকীয়নি যুৱ মৰ্চাৰ ৷ কংগ্ৰেছ দলৰ ভিতৰচ'ৰাতো ব্যাপক প্ৰতিক্ৰিয়া ।

Assam Love Jihad Controversy
Assam Love Jihad Controversy
author img

By

Published : Jul 28, 2023, 7:29 PM IST

গুৱাহাটী, ২৮ জুলাই: গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিবলৈ গৈ ‘লাভ জিহাদ’ৰ প্ৰসংগত ভূপেন বৰাই মহাভাৰতক সাঙুৰি লৈছিল ৷ তাৰ পাচতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন এজাহাৰ পৰিলেই গ্ৰেপ্তাৰ কৰাৰো কথা বৃহস্পতিবাৰে সদৰী কৰিছিল ৷

মুখ্যমন্ত্ৰীয়ে এখন এজাহাৰৰ কথা কৈছিল যদিও ভূপেন বৰাৰ বিৰুদ্ধে আজিৰ দিনটোতে কেৱল বিজেপিৰ ফালৰ পৰা দাখিল কৰা হৈছে ২৮৩খন এজাহাৰ ৷ তেনেস্থলত স্বাভাৱিকতে ভূপেন বৰাৰ গ্ৰেপ্তাৰৰ প্ৰসংগটো চৰ্চালৈ আহিছে ৷ অৱশ্যে পৰিস্থিতি বিষম দেখি শুকুৰবাৰে পুৱাই ভূপেন বৰাই প্ৰাৰ্থনা গাই ৰাইজৰ ওচৰত নিঃশৰ্ত ক্ষমা বিচাৰে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে কৈ থকা লাভ জিহাদৰ প্ৰসংগত মহাভাৰতৰ বিষয়ে উল্লেখ কৰি ভগৱান শ্ৰীকৃষ্ণক সাঙুৰি লৈছিল ৷ তেওঁৰ মতে লাভ জেহাদ নতুন বিষয় নহয়, মহাভাৰতৰ দিনতো আছিল লাভ জিহাদ ৷ সংবাদ মাধ্যমত কৰা এই মন্তব্যৰ পাচতে ভূপেন বৰাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ সৰৱ হৈ পৰে ৷

ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাত মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰীয়ে তেনে কথা কোৱাজনক এখন এজাহাৰ পৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি সদৰী কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু দলীয় নিৰ্দেশনাৰ পাচতে ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদীৰে তুলনা কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাই অসমৰ ৩৯ খন সাংগঠনিক জিলাত আজি ২৮৩ খন এজাহাৰ দাখিল কৰে ৷

লাভ জিহাদীৰ হৈ ওকালতি কৰিবলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজহুৱাভাৱে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদীৰে তুলনা কৰাক লৈ সৰৱ হৈ পৰিছে বিজেপি যুৱ মৰ্চা ৷ মহাভাৰতৰ উৎসৰ লগত লাভ জিহাদ জড়িত বুলি ভূপেন বৰাই কৰা নিকৃষ্ট মন্তব্যই কংগ্ৰেছ দলটোৰ ভাৰতীয় সংস্কৃতি, সনাতন সভ্যতা আৰু ভাৰত বিৰোধী চৰিত্ৰটো উদঙাই দেখালে বুলি যুৱ মৰ্চাই মতপোষন কৰে ৷

ভূপেন বৰাৰ মন্তব্যই মহাপুৰুষ গুৰুজনাৰ কৃষ্ণ সংস্কৃতিৰে উদ্বুদ্ধ অসমীয়া জন-জীৱনৰ প্ৰতি এক বৃহৎ ভাবুকি বুলিও উল্লেখ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই ৷ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ভূপেন বৰাক সকীয়নী দি কয় যে কেৱল মিঞাক ভাগ্যনিয়ন্তা বুলি ভাবি নিজৰ সভ্যতা-সংস্কৃতিক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ ভূপেন বৰা আৰু কংগ্ৰেছ দলে অনাগত দিনত এটা শব্দও উচ্চাৰণ নকৰে যেন ৷

ইয়াৰ উপৰিও ভূপেন বৰাক গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ আনিবলৈ দাবী জনাই যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ ইফালে ভূপেন বৰাৰ এই বক্তব্যক লৈ কংগ্ৰেছ দলৰ ভিতৰচ’ৰাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ভূপেন বৰাক সত্ৰৰ পৰম্পৰা মানি কিছুদিন ভকত হৈ থকাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক: Bhupen Borah Controversy: ভূপেন বৰা ঔৰংগজেৱৰ বংশধৰ নেকি ! প্ৰশ্ন ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.