ETV Bharat / state

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ '২০-'২৩ বৰ্ষৰ বঁটা ঘোষণা

author img

By

Published : Jan 22, 2023, 6:38 PM IST

অসম সাহিত্য সভাৰ বঁটা ঘোষণা কৰা হৈছে (Assam Sahitya Sabha Award)। এইবাৰ "অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা" লাভ কৰিছে অধ্যাপক ড৹এম কামালুদ্দিন আহমেদে । "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা" প্ৰদান কৰা হ'ব ড৹ পূৰ্ণ ভট্টাচাৰ্যক ।

Assam Sahitya Sabha announces awards
ড৹ এম কামালুদ্দিন আহমেদ

গুৱাহাটী, ২২ জানুৱাৰী :অসম সাহিত্য সভাই ২০-২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সভাই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা বিভিন্ন বঁটাৰ বাবে বঁটাপ্ৰাপকসকলৰ নাম দেওবাৰে ঘোষণা কৰিছে (Assam Sahitya Sabha announces awards) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ এম কামালুদ্দিন আহমেদলৈ এই বছৰ জাতীয় চেতনাৰ বাণী কঢ়িওৱা,মানৱীয় মূল্যবোধ তথা সাহিত্য মূল্যসম্পন্ন সৃষ্টিশীল,আলোচনামূলক গ্ৰন্থৰ বাবে "অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা" আগবঢ়োৱা হৈছে (Ambikagiri Raiychoudhury Award announced) ৷ আনহাতে,ড৹ পূৰ্ণ ভট্টাচাৰ্যক অসমীয়া ভাষাত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা " প্ৰদান কৰা হ'ব (Kalaguru Bishnuprasad Rabha Award)।

Assam Sahitya Sabha announces awards
অসম সাহিত্য সভাৰ বঁটা ঘোষণা

আনহাতে,অসমীয়া ভাষাত লেখিকাৰ সৃষ্টিশীল অথবা গৱেষণামূলক গ্ৰন্থৰ বাবে "বাসন্তী বৰদলৈ বঁটা" তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈলৈ আগবঢ়োৱা হৈছে । অসমীয়া ভাষাত ৰাজনৈতিক পটভূমিত ৰচিত মৌলিক উপন্যাস অথবা ভ্ৰমণ সাহিত্যৰ বাবে "হেম বৰুৱা বঁটা" লাভ কৰিছে গুৱাহাটীৰ গংগাপদ চৌধুৰীয়ে (Hem Barooah Award announced) ৷ ইপিনে, জনজাতীয় গৱেষণামূলক গ্ৰন্থৰ বাবে "বুদুৰাম পাংগিং সোঁৱৰণী বঁটা" লাভ কৰিছে মুকুট শৰ্মাই । ব্যংগ সাহিত্যৰ বাবে" ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা" লাভ কৰিছে অঞ্জলি মহন্তই ৷

বৈষ্ণৱ গুৰুসকলৰ জীৱন আদৰ্শ অথবা সমাজ কল্যাণৰ লগত জড়িত বিষয়ক গ্ৰন্থৰ বাবে "ভৰত চন্দ্ৰ বৰুৱা বঁটা" আগবঢ়োৱা হৈছে ভূপেন্দ্ৰ ৰায়চৌধুৰীক । পয়ত্ৰিশ বছৰৰ অনূৰ্ধ লেখক-লেখিকাৰ মৌলিক গ্ৰন্থৰ বাবে "অমূল্য বৰুৱা কবি বঁটা" লাভ কৰিছে নলবাৰীৰ ৰঞ্জিৎ পাটগিৰিয়ে ৷ নতুন লেখকৰ দ্বাৰা ৰচিত উপন্যাসৰ পাণ্ডুলিপিৰ বাবে "গিৰিধৰ শৰ্মা বঁটা" লাভ কৰিছে নগাঁৱৰ প্ৰতিভা ভাগৱতীয়ে ৷

উল্লেখ্য যে এইবাৰ অসমৰ জাতি-উপজাতি সমন্বয় সংহতিৰ বক্তব্য দাঙি ধৰা গ্ৰন্থৰ বাবে সভাই প্ৰদান কৰি অহা "সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা"ৰ বাবে কোনো গ্ৰন্থ মনোনীত কৰিব পৰা নাই বুলি সভাই উল্লেখ কৰিছে ৷ এইবাৰ বঁটাৰ নিৰ্বাচনী সমিতিৰ সদস্য়সকল হৈছে ড৹ মঞ্জু দেৱী পেগু, ডাঃ অপুৰ্ব কুমাৰ শইকীয়া আৰু অনুভৱ তুলসী ৷ অহা ২ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত বিয়লি ৩.৩০ বজাত এই বঁটাসমূহ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক:Pranjit Das is no more: ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.