ETV Bharat / state

Flood Relief Fund to Assam : বান সাহায্যৰ নামত পাঁচ বছৰত অসমে পালে মাত্র ৩১৬০ কোটি টকা

author img

By

Published : Aug 11, 2023, 4:24 PM IST

অসমৰ ভয়াৱহ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰা কেন্দ্রই ক্ষতিপূৰণ দিয়াৰ ক্ষেত্রতো কৰি আহিছে কৃপণালি । ৰাজ্যত পাঁচ বছৰত বানপানীত হোৱা ক্ষতিৰ পৰিমাণ ১৩ হাজাৰৰো অধিক কোটি টকা । বিপৰীতে দিছে ৩১৬০.২৭ কোটি টকা । ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি শিতানত দিছে ২,৮৬৫.৯ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত দিছে ২৯৪.৩৭ কোটি টকা । অসমৰ ভয়াৱহ বান সমস্যাক লৈ যে কেন্দ্ৰৰ কোনো ধৰণৰ গুৰুত্ব নাই সেই কথা সদনৰ মজিয়াত পুনৰ উন্মোচিত হৈছে ।

Flood Relief Fund to Assam
Flood Relief Fund to Assam

গুৱাহাটী, ১১ আগষ্ট : অসমৰ জাতীয় জীৱনৰ বাবে অভিশাপ স্বৰূপ বান-খহনীয়াই প্ৰত্যেক বছৰে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা জনতাই বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি ইয়াৰ স্থায়ী সমাধানৰ বাবে দশক দশক ধৰি দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰেই গুৰুত্ব দিয়া নাই । বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ ৰাইজে এই সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰিছিল যদিও সকলো আশাত চেঁচাপানী পৰিল । বৰং বিজেপি চৰকাৰে বান সমস্যাৰ স্থায়ী সমাধানৰ কথা বহু দূৰৈৰে প্ৰয়োজনীয় ক্ষতিপূৰণ দিয়াৰ ক্ষেত্রতো কৃপণালি কৰি আহিছে ।

বানপীড়িতক উদ্ধাৰ অভিযান
বানপীড়িতক উদ্ধাৰ অভিযান

বানত ক্ষতিগ্রস্ত জনতাক আর্থিকভাৱে সকাহ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সদায়ে কার্পণ্য কৰি আহিছে । ইতিমধ্যে বহুবাৰ প্ৰমাণিত হোৱা এই কথা সংসদৰ মজিয়াতো উন্মোচিত হৈছে । ৰাজ্যসভাত অসমৰ বান সমস্যা সন্দৰ্ভত দাখিল কৰা তথ্য অনুসৰি, ২০১৭ চনৰ পৰা ২০২১ চনলৈ বিগত পাঁচ বছৰত হোৱা বানত ৰাজ্যখনৰ ক্ষতি হৈছে মুঠ ১৩,২৭৯.৯৮ কোটি টকাৰ । ইয়াৰ বিপৰীতে বিগত পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰিছে মাত্র ৩১৬০.২৭ কোটি টকা । ইয়াৰে ভিতৰত ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি (এছডিআৰএফ) শিতানত কেন্দ্ৰই প্ৰদান কৰিছে ২৮৬৫.৯ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি (এনডিআৰএফ) শিতানত প্ৰদান কৰিছে ২৯৪.৩৭ কোটি টকা ।

বানপীড়িতক সাহায্য বিতৰণ
বানপীড়িতক সাহায্য বিতৰণ

তথ্য মতে, ২০১৭ চনত অসমত হোৱা বানত ৪১৬৪.৮১ কোটি, ২০১৮ চনত ২৪৮০.৯৮ কোটি, ২০১৯ চনত ৩,১২১.৯৮ কোটি, ২০২০ চনত ২,৪৩৯.৭৩ কোটি আৰু ২০২১ চনত ১,০৭২.৪৩ কোটি টকাৰ ক্ষতি হৈছিল । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ শিতানত ২০১৮-১৯ চনত ধার্য কৰা ৫৩২ কোটিৰ ভিতৰত নিজৰ অংশ ৪৭৮.৮০ কোটি, ২০১৯-২০ চনত ধার্য কৰা ৫৫৯ কোটিৰ ভিতৰত নিজৰ অংশ ৫০৩.১০কোটি, ২০২০-২১ চনত ধাৰ্য কৰা ৬৮৬.৪০ কোটিৰ ভিতৰত নিজৰ অংশ ৬১৭.৬০ কোটি, ২০২১-২২ চনত ধাৰ্য কৰা ৬৮৪.৪০ কোটিৰ ভিতৰত নিজৰ অংশ ৬১৭.৬০ কোটি আৰু ২০২২-২৩ চনত ধার্য কৰা ৭২০.৮০ কোটিৰ ভিতৰত নিজৰ অংশ ৬৪৮.৮০ কোটি টকা মোকলাই দিছে ।

বানত উদ্ধাৰ অভিযান
বানত উদ্ধাৰ অভিযান

নিয়ম অনুসৰি এছডিআৰএফৰ ধনৰ দহ শতাংশ ৰাজ্য চৰকাৰে আৰু ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে । আনহাতে, এনডিআৰএফৰ ধনৰ এশ শতাংশই কেন্দ্ৰই দিব লাগে । যাৰ বাবে এনডিআৰএফৰ শিতানত কেন্দ্ৰীয় চৰকাৰে ধন দিবলৈ টান পায় । বিগত পাঁচ বছৰত অসমত বানে ১৩,২৭৭.৯৩ কোটি টকাৰ ক্ষতি কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এনডিআৰএফ শিতানত মুকলি কৰি দিছে মাত্র ২৯৪.৩৭ কোটি টকাহে । এয়া হৈছে মোদী চৰকাৰৰ অসম প্ৰীতিৰ প্ৰকৃত নমুনা ।

উল্লেখ্য যে চলিত বৰ্ষত হোৱা বানতো ৰাজ্যখনত হোৱা ক্ষতিৰ পৰিমাণ কেইবা হাজাৰ কোটি টকা হোৱাৰ আশংকা আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত এছডিআৰএফ শিতানত ধার্য কৰিছে মাত্র ৭৫৬.৮০ কোটি টকাহে । ইয়াৰ ভিতৰত কেন্দ্ৰই প্ৰদান কৰিবলগীয়া ধনৰ অংশৰ ৬৮০.৮০ কোটিৰ ভিতৰত এতিয়ালৈকে মোকলাই দিছে ৩৮০.৮০ কোটি টকাহে । অসমৰ ভয়াৱহ বান সমস্যাক লৈ যে কেন্দ্ৰৰ কোনো ধৰণৰ গুৰুত্ব নাই সেই কথা ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি ।

অসমসহ উত্তৰ-পূৰ্বাঞ্চলক মাথোঁ নামতহে নৰেন্দ্ৰ মোদী চৰকাৰে অষ্টলক্ষ্মী আখ্যা দিয়ে । কাৰ্যক্ষেত্রত অসমৰ প্ৰতি কোনো ধৰণৰ আন্তৰিকতা নাই মোদী চৰকাৰৰ । কেন্দ্ৰই অসমৰ বান সমস্যাক কেতিয়াও অলপো গুৰুত্ব সহকাৰে লোৱা নাই । অসমৰ বিভিন্ন দল-সংগঠনে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীক নসাৎ কৰি আহিছে কেন্দ্ৰই ।

লগতে পঢ়ক :Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.