ETV Bharat / state

আপুনি বাৰু চাকৰিৰ সন্ধানত আছে নেকি ? - naukri

নিবনুৱা সকলৰ বাবে ভাল খবৰ ৷ ইটিভি ভাৰত যোগে আমি আপোনালৈ লৈ আনিছো চৰকাৰী চাকৰিৰ সম্ভেদ ৷

assam-public-health-engineering-department-job
আপুনি বাৰু চাকৰিৰ সন্ধানত আছে নেকি ?
author img

By

Published : Jul 8, 2021, 8:58 PM IST

Updated : Jul 9, 2021, 3:44 PM IST

নিউজ ডেস্ক , 8 জুলাই : ৰাজ্যৰ নিবনুৱা সকলৰ বাবে সুখবৰ ৷ শেহতীয়াকৈ, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত(Public health engineering department ) খালী হৈ থকা কনিষ্ঠ অভিযন্তা (চিভিল)ৰ কেইবাটাও পদৰ বাবে বিচৰা হৈছে আবেদন ৷ এই পদৰ বাবে আবেদনৰ সময়সীমা সোনকালেই www.phe.assam.gov.in আৰু www.jimassam.in যোগে প্ৰকাশ কৰা হ’ব ৷ বিভাগটোত খালী হৈ থকা মুঠ কনিষ্ঠ অভিযন্তা (চিভিল)(Junior Engineer(civil)) পদৰ সংখ্যা হৈছে 111 টা ৷

মুঠ খালী পদৰ সাধাৰণ(General) পদ 74 টা হোৱাৰ বিপৰীতে , অন্যান্য পিছপৰা জাতি (OBC) আৰু এমঅ’বিচি(MOBC)ৰ প্ৰাৰ্থী সকলৰ বাবে সংৰক্ষিত খালী পদৰ সংখ্যা হৈছে 20টা, অনুসূচিত জাতি(SC)ৰ বাবে খালী থকা পদৰ সংখ্যা হৈছে 6 টা ৷ আনহাতে, অনুসূচিত জনজাতি (পাহাৰীয়া)(ST(Hills)) আৰু অনুসূচিত জনজাতি(ভৈয়াম)(ST(plane))ৰ প্ৰাৰ্থী সকলৰ বাবে নাথাকিব কোনো সংৰক্ষিত পদ ৷

ইয়াৰোপৰি, বিশেষভাৱে সক্ষম সকল(pwd)ৰ বাবে 5 টা পদ সংৰক্ষিত থাকিব আৰু অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণী(EWS)ৰ বাবে সংৰক্ষিত থাকিব মুঠ 11 টা পদ ৷

প্ৰাৰ্থী সকলৰ নিম্নতম বয়সৰ সীমা 18 বছৰ হোৱাৰ লগতে, উৰ্ধতম সীমা হৈছে 38 বছৰ ৷ অৱশ্যে, SC আৰু ST প্ৰাৰ্থী সকলৰ বাবে এই সীমাত 5 বছৰৰ ৰেহাই থাকিব ৷ OBC আৰু MOBC প্ৰাৰ্থী সকলৰ ক্ষেত্ৰত এই সীমা তিনি বছৰৰ ইয়াৰ লগতে, চৰকাৰীভাৱে প্ৰমাণিত বিশেষভাৱে সক্ষম লোক সকলৰ বাবে 10 বছৰ বয়সৰ ৰেহাই থাকিব ৷

শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত প্ৰাৰ্থী সকল AICTU ৰ দ্বাৰা চিহ্নিত যিকোনো প্ৰতিষ্ঠানৰ পৰা 3 বছৰীয়া চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা সম্পন্ন হ’ব লাগিব ৷ প্ৰাৰ্থী সকলৰ নিৰ্বাচন সম্পূৰ্ণৰূপে মেধাৰ ভিত্তিত কৰা হ’ব ৷ ইয়াৰে ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা নম্বৰক 20 শতাংশ প্ৰাধান্য দিয়াৰ লগতে ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাত লাভ কৰা মুঠ নম্বৰক 80 শতাংশ প্ৰাধান্য দিয়া হ’ব ৷

লগতে পঢ়ক : অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

Last Updated : Jul 9, 2021, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.