গুৱাহাটী,29 নৱেম্বৰঃ ২১ নৱেম্বত উদযাপিত হোৱা বিশ্ব ফিচাৰী দিৱসত দেশৰ ভিতৰত শ্ৰেষ্ঠ মীন বিভাগ হিচাপে নিৰ্বাচিত হয় অসম । ভাৰত চৰকাৰে অসমৰ মীন বিভাগক প্ৰদান কৰিলে এই শ্ৰেষ্ঠত্ব বঁটা । লগতে নগাঁও জিলাই লাভ কৰে শ্ৰেষ্ঠ মীন উৎপাদনকাৰী জিলাৰ সন্মান । শ্ৰেষ্ঠ মীন পালকৰ সন্মান লাভ কৰে অমল মেধিয়ে । দেওবাৰে গুৱাহাটীৰ মীন সঞ্চালকালয়ৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেখেতে কয় যে, মাছৰ পোণা উৎপাদনৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম স্বনিৰ্ভৰশীল হৈছে। পূৰ্বৰ তুলনাত ২০১৯-২০ বৰ্ষত ৯৫১৯ নিযুত মাছৰ পোণা উৎপাদন কৰিবলৈ সক্ষম হৈছে মীন বিভাগ । মাছ উৎপাদনৰ ক্ষেত্ৰত ২০১৯-২০ বৰ্ষত ২৬.৮৭ % ৰে ৩.৭৩ লাখ মেট্ৰিকটন উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমে ৷
কৰ'ণা সন্ত্ৰাসৰ বাবে মৎস্য বিপণনৰ ক্ষেত্ৰত কিছু যতি পৰিছিল যদিও পূৰ্বৰ তুলনাত ফিছ ফেডে উন্নয়ণৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে । ফিছফেডৰ বিপণন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ লগতে সহজতে মাছ যোগান ধৰিবৰ বাবে অত্যাধুনিক এপ’ৰ ব্যৱস্থা কৰিছে মীনবিভাগে । কেন্দ্ৰীয় মীন প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহযোগত FRP Now তৈয়াৰ কাৰখানা স্থাপন কৰাৰ লগতে জীৱিত মাছ পৰিবহণৰ বাবে অত্যাধুনিক ব্যৱস্থা লুধিয়ানাৰ Ciphet ৰ লগত বুজাবুজি সম্পন্ন কৰিছে । ইয়াৰোপৰি মীন পালকসকলৰ সুবিধাৰ বাবে প্ৰধান মন্ত্ৰীৰ মৎস্য সম্পৰা যোজনাৰ অধীনত ২০২০- ২১ বিত্তীয় বৰ্ষৰ বাবে ২৫,০০,০০০ লাখ টকীয়া দহখন শীত-তাপ নিয়ন্ত্ৰিত গাড়ী, ২০,০০,০০০ লাখটকীয়া পাঁচখন insulated বাহন, ১৩৫ খন ই-ৰিক্সাকে আদি কৰি প্ৰায় ২৪ খন বিশেষ আঁচনি কৃষক সকললৈ ৰাজ্য চৰকাৰৰ মীন বিভাগে আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
লগতে পঢ়ক-সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সাংবাদিক স্নেহাশীষ চক্ৰৱৰ্তীৰ অভিনৱ পদক্ষেপ