গুৱাহাটী, ২৬ আগষ্ট: ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশ মহিলা মৰ্চাই দুবছৰ সম্পূৰ্ণ কৰিলে । বিগত দুটা বছৰত অসম প্রদেশ মহিলা মৰ্চাই সফলভাৱে ৰূপায়ণ কৰা কাম-কাজৰ বিষদ বিৱৰণি দাঙি ধৰিলে অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই । বশিষ্ঠস্থিত ভাৰতীয় জনতা পার্টিৰ কৰ্যালয়ত অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই এক সংবাদমেলত বিগত এবতত খতিয়ান দাঙি ধৰি কয় যে অসম প্রদেশ মহিলা মৰ্চাই কেইবাটাও দিশত সফলতাৰে কাৰ্য সম্পাদন কৰিছে ।
অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই এই সংবাদমেলত বিগত দুবছৰত মহিলা মৰ্চাই সফলভাৱে ৰূপায়ণ কৰা কাম-কাজৰ কথা উল্লেখ কৰি কয় যে মহিলা মৰ্চাই তেজপুৰ, বঙাইগাঁও আৰু গোলাঘাটত তিনিখনকৈ কার্যনির্বাহক সভা অনুষ্ঠিত কৰিছে । ৰাজ্য়খনৰ মহিলাসকলক শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় হ'ব পৰাকৈ যোৱা দুটা বছৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই ।
অসম প্ৰদেশ মহিলা মৰ্চাই অসম কাবাদী সন্থাৰ সহযোগত সোণাপুৰৰ ডিমৰীয়াত মহিলাসকলৰ মাজত কাবাডী প্রতিযোগিতা আয়োজন কৰাৰ লগতে তেওঁৰ নেতৃত্বত আন বহুতো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা বুলিও সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে । সংবাদমেলখনত মহিলা মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ সম্পৰ্কত মন্তব্য প্ৰদান কৰি সভানেত্ৰীগৰাকীয়ে কয় যে অহা ৯ আৰু ১০ ছেপ্তেম্বৰত মহিলা মৰ্চাৰ ৰাষ্টীয় সভানেত্রী নাথী শ্রীনিবাসৰ নেতৃত্বত গুৱাহাটীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব । অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত দেশৰ ১৮০ গৰাকী প্ৰতিনিধি উপস্থিত থাকিব ।
ইফালে,ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাই কয় যে এই সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক। এইক্ষেত্ৰত মহিলা সকলে সাৱধানতাৰে আগবাঢ়িব লাগিব । ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰীক্ষণ কৰি আছে । বিৰোধী দলৰ নাৰী নিৰ্যাতনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই বিশেষ ভূমিকা পালন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিত নাৰী অসুৰক্ষিত নহয় । আমি সাৱধানতাৰে আগবাঢ়িলে এনে ধৰণৰ ঘটনাৰ পৰা দূৰত থাকিব পাৰি । বিজেপিৰ এতিয়া ভাল দিন চলি আছে আৰু উৎকৃষ্ট সময় আৰম্ভ হৈছে বুলি মন্তব্য় কৰে অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রীগৰাকীয়ে ।
লগতে পঢ়ক:MLA Mrinal Saikia: কিয় পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ?