ETV Bharat / state

প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা কংগ্ৰেছৰ - Assam Pradesh Congress press meet on CA(A)

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসমত হোৱা হিংসাত্মক কাৰ্যত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ এই আক্ৰমণৰ তদন্তৰ দাবী জনাইছে  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

Assam Pradesh Congress press meet on CA(A)
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল
author img

By

Published : Dec 16, 2019, 5:51 PM IST

গুৱাহাটী, 16 ডিচেম্বৰঃ অসমৰ পিচতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলিছে সমগ্ৰ দেশ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল ৷ গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ তদন্তৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ এই আইনৰ প্ৰতিবাদৰ সময়ত সমগ্ৰ অসমৰ ঠায়ে ঠায়ে হিংসাত্মক কাৰ্য সংঘটিত হৈছিল আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ লাঠি চালনাৰ লগতে কন্দুৱা গেছ আৰু গুলী নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল

আনহাতে ঘটনাত আৰক্ষীৰ আক্ৰমণত বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে পাঁচজনকৈ লোক ইতিমধ্যে নিহত হৈছে । প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে সভাপতিজনে সংবাদমেলত কয় যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ৰাইজৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু কংগ্ৰেছ দলে এই আক্ৰমণৰ তদন্তৰ দাবী জনাইছে । আনহাতে আৰক্ষীৰ আক্ৰমণত নিহত তথা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও তেওঁ দাবীও জনায় ৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ নেতা সকলে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা কংগ্ৰেছ দলে কৰা বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি ৰিপুন বৰাই এই সমগ্ৰ ঘটনাৰো তদন্তৰ দাবী জনায়। বিজেপি আৰু অগপৰ নেতা সকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৰাইজৰ ৰূপ দেখি এতিয়া কংগ্ৰেছ দলৰ ওপৰত সকলো দোষ জাপি দিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঃ দিল্লীত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ তদন্ত বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। আৰক্ষীৰ আক্ৰমণত নিহত হোৱা ব্যক্তি সকলক উপযুক্ত ক্ষতিপূৰণৰো দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।

Body:নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে এই বিধেয়কখনত স্বাক্ষৰ কৰি আইনত পৰিণত কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যহত আছে। এই বিতৰ্কিত আইন বাতিলৰ দাবীত সমগ্ৰ অসমবাসী ৰাইজ ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰাত হিংসাত্মক ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছিল। হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলক দমন কৰিবলৈ লাঠি চালনাৰ লগতে কন্দুৱা গেছ আৰু গুলী নিক্ষেপ কৰিবলগীয়া হৈছে। প্ৰতিবাদকাৰী সকলক দমন কৰিবলৈ লওঁতে আৰক্ষীৰ আক্ৰমণত বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চাৰি জনকৈ লোক নিহত হৈছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ সভাপতি ৰিপুন বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বৰাই সংবাদমেলত কয় যে গণতান্ত্ৰিক ভাবে আন্দোলন কৰা ৰাইজৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু কংগ্ৰেছ দলে এই আক্ৰমণৰ তদন্তৰ দাবী জনাইছে। বৰাই লগতে আৰক্ষীৰ আক্ৰমণত নিহত হোৱা ব্যক্তি সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীও জনায়। বৰাই আৰক্ষীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা লোক সকলকো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ নেতা সকলে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা কংগ্ৰেছ দলে কৰা বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি ৰিপুন বৰাই এই সমগ্ৰ ঘটনাৰো তদন্তৰ দাবী জনায়। বিজেপি আৰু অগপৰ নেতা সকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৰাইজৰ ৰূপ দেখি এতিয়া কংগ্ৰেছ দলৰ ওপৰত সকলো দোষ জাপি দিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে।

বাইট : ৰিপুন বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটী

Conclusion:বৰাই লগতে কয় যে ২০২১ চনত অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব আৰু চৰকাৰে যদি নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে তেন্তে কংগ্ৰেছ দলে অসমত এই বিতৰ্কিত আইন অসমত প্ৰযোজ্য কৰিবলৈ নিদিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.