ETV Bharat / state

APCC Press Conference: মুখ্যমন্ত্ৰীক শেহতীয়া নিযুক্তি সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী প্রদেশ কংগ্ৰেছৰ - অসম প্ৰদেশ কংগ্ৰেছ কমিটী

ইন্দ্ৰানী তালুকদাৰৰ মৃত্যুৰ প্ৰসংগক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল ৷ কংগ্ৰেছে কয় যে মুখ্যমন্ত্ৰীয়ে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে ৷ অসমৰ জনতাই এতিয়া আৰু মুখ্যমন্ত্ৰীৰ মিছা কথাত ভোল নাযায় । নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰো দাবী ৷

APCC Press Conference
APCC Press Conference
author img

By

Published : Aug 17, 2023, 4:54 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল

গুৱাহাটী, 17 আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যু প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । বিজেপি দলটোৰ একালৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ জ্যেষ্ঠ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যই কৰা মন্তব্যৰ পিছতে সঘনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে প্ৰদেশ কংগ্ৰেছে ।

ৰাজীৱ ভৱনত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই । তেওঁ কয় যে এটা এটাকৈ দলটোৰ সমগ্ৰ কু-কীৰ্তি এতিয়া পোহৰলৈ আহিছে । মুখ্যমন্ত্ৰীয়ে নিজকে যিমানেই ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা নকৰক কিয় জুই জ্বলিলে ধোঁৱা ওলাবই ।

তেওঁ আৰু কয় যে বিজেপিৰ যিজন ৰাজ্যিক সভাপতিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীক একালত দলটোলৈ মাতি নি বৰপীৰা পাৰি দিছিল সেইজন নেতাই আজি অসহায় হৈ এতিয়াৰ ৰাজ্যিক সভাপতিলৈ চিঠি লিখিবলগীয়া হৈছে । ইয়াতকৈ আৰু দুর্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে ? সংবাদমেলত বিজেপিক কটাক্ষ কৰি এই মন্তব্য কৰে বেদব্ৰত বৰাই ।

তেওঁ কয় যে অসমৰ জনতাই এতিয়া আৰু মুখ্যমন্ত্ৰীৰ মিছা কথাত ভোল নাযায় । কেৱল কংগ্ৰেছ দল বা আন বিৰোধী দলসমূহেই নহয়, আজিৰ তাৰিখত ৰাজ্যৰ প্ৰতিগৰাকী সচেতন লোকৰ লগতে স্বয়ং বিজেপি দলৰ কৰ্মীসকলেও শদিয়াৰ পৰা ধুবুৰীলৈ মিছা কথা কৈ ফুৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে বৰাই ৷

তেওঁ কয় যে গণি গণি বছৰি 1 লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ কেৱল ব্যৰ্থ হোৱাই নহয়, ছ’চিয়েল মিডিয়াত বিজেপিৰ বহু কৰ্মীয়ে কৰা শেহতীয়া মন্তব্য তথা ভাইৰেল হৈ পৰা ফোনকলসমূহে যোৱা এবছৰত যি এমুঠিমান চাকৰি চৰকাৰে দিবলৈ কোনোমতে সমৰ্থ হৈছে তাতো বহু দুর্নীতি আৰু অনিয়ম সংঘটিত হোৱাতো উদঙাই দিছে বুলিও কয় বৰাই৷

বিজেপিৰ মানুহেই আজি চাকৰিৰ নামত ধন লোৱা বুলি কৈছে । ইন্দ্ৰানী তহবিলদাৰৰ দুৰ্ভাগ্যজনক আত্মহননৰ ঘটনাই সকলো এতিয়া পোহৰলৈ আনিলে । এতিয়া মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে যিমানেই দাবী নকৰক কিয় সেয়া অসমৰ ৰাইজে মানি নলয় । তেওঁ কয়, ‘‘যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে তেন্তে যোৱা এবছৰত দিয়া নিযুক্তিক লৈ শীঘ্ৰেই শ্বেতপত্ৰ প্ৰকাশ কৰক । লগতে এক লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে যোৱা এবছৰত কোন কোন বিভাগত কিমান নিযুক্তি দিলে তাৰ সম্পূর্ণ তালিকা প্ৰকাশ কৰিবলৈ আমি কংগ্ৰেছ দলে দাবী জনাইছো ।’’

বৰাই সংবাদমেলত কয় যে হিমন্ত চৰকাৰৰ দিনত হোৱা নিযুক্তিত ব্যাপক অনিয়ম সংঘটিত হৈছে । কিয়নো এজন প্ৰার্থীয়ে কেইবাটাও পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে যদিও উত্তীর্ণ প্ৰার্থীগৰাকীয়ে শেষত কোনটো পদত যোগদান কৰিলে সেই সম্পৰ্কে ৰাইজ তথা আন প্ৰার্থীসকল অৱগত নহয়৷ বাছনি পৰীক্ষাত উত্তীর্ণ প্ৰাৰ্থীসকলে পৰীক্ষাত কিমান নম্বৰ পাইছে, ৱেইটিং লিষ্টত কোন কোন আছিল সেই তালিকাও আজিকোপতি প্ৰকাশ নোপোৱাত সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই ।

এনে পৰিপ্ৰেক্ষিতত অসমৰ ৰাইজক প্ৰকৃত সত্য জনাবলৈ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাদে আন কোনো গত্যন্তৰ নাই বুলিও আজিৰ সংবাদমেলত স্পষ্ট কৰি দিয়ে বৰাই ।

সংবাদমেলখনত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে কয় যে বিজেপি দলত নাৰী সুৰক্ষিত নহয় । শংকিত হৈ আছে । বি জে পি দলত নাৰীজনিত অপৰাধত জড়িত হৈ আছে । মণিপুৰত মহিলাসকলক ন্যায় প্ৰদান কৰিব পৰা নাই । নিজকে সংস্কাৰী বুলি দাবী কৰি অহা বিজেপিৰ দৰে দল এটাত কিয় মহিলা নেত্ৰী আৰু কৰ্মীসকলে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

‘‘বিজেপি চৰকাৰৰ দিনত দেশ-ৰাজ্য সকলোতে মহিলাসকলে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে । দিল্লীত আজি দেশক গৌৰৱান্বিত কৰা মহিলা মল্লযুঁজাৰুসকলক মোদী-শ্বাহে অপমান কৰিছে । মণিপুৰত কি হৈছে আৰু হৈ আছে সেয়া সমগ্ৰ বিশ্বই দেখিছে । অসমত সাধাৰণ মহিলাক সুৰক্ষা দিয়াতো বাদেই নিজ দলৰেই মহিলা নেতা আৰু কৰ্মীসকলক দলটোৱে সুৰক্ষা দিব পৰা নাই । গোৱালপাৰাত জোনালী নাথ হেৰাই গ'ল ,’’ মুখপাত্ৰ বৰ্ণালী ফুকনে কয় ৷

তেওঁ লগতে কয় যে গুৱাহাটীত নিজ দলৰেই একাংশ তথাকথিত সংস্কাৰী পুৰুষ নেতা-কৰ্মীৰ নির্যাতন সহিব নোৱাৰি ইন্দ্ৰানী তহবিলদাৰে শ্লিপিং টেবলেট খাই চিৰদিনৰ বাবে শুই গ’ল ৷ জোনমণি ৰাভাৰ দৰে সাহসী আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য আজিও ভেদ নহ'ল । তৎসত্ত্বেও মুখ্যমন্ত্ৰী আৰু একাংশ মন্ত্ৰীয়ে বৰ বৰ কথা ক’বলৈ এৰা নাই । এনেকৈ জানো ৰাজ্য চলে বুলি তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক: Indrani Tahbildar case: ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে বিজেপি নেতা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.