গুৱাহাটী, ১৫ আগষ্ট : দেশৰ স্বাধীনতা দিৱস উপলক্ষে সকলোতে ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে (76th Independence day of India)। দেশৰ লগতে অসমতো প্ৰতিটো প্ৰান্তত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিদ্যালয়, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত পুৱাই জাতীয় পতাকা উত্তোলন কৰা হৈছে (Independence day celebration in Assam)।
প্ৰতিবছৰৰ দৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও উদযাপন কৰিছে দেশৰ স্বাধীনতা দিৱস (Assam Pollution Control Board celebrates Independence day)। পুৱাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয় । পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই । কাৰ্যসূচীত কাৰ্যালয়ৰ আন বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে ।
পতাকা উত্তোলনৰ পাছতে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে পৰিষদৰ অধ্যক্ষগৰাকীয়ে । আনহাতে এইবাৰ ৰাজ্যবাসীয়ে স্বাধীনতা দিৱস ব্যাপকভাৱে পালন কৰাৰ বাবে তেওঁ সকলোকে অভিনন্দন জনায় । পিছে স্বাধীনতা দিৱসৰ পাছত জাতীয় পতাকাখনক অপমান নকৰিবলৈ ৰাইজক আহ্বান জনায় অধ্যক্ষগৰাকীয়ে । য'তে ত'তে পেলাই নিদি সন্মান সহকাৰে জাতীয় পতাকাখন ঘৰতে ৰাখিবলৈ পৰিষদৰ অধ্যক্ষই ৰাইজক আহ্বান জনায় ।
ইফালে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলনৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও স্বাধীনতা দিৱসৰ পিছতে একাংশ লোকে ৰাস্তা বা পদপথত পতাকাসমূহ পেলাই থোৱা সন্দৰ্ভতো ৯৬ নিগম নিকায়ৰ সৈতে পৰিষদে আলোচনা কৰিছে বুলি উল্লেখ কৰে অধ্যক্ষ ড৹ মিশ্ৰই । এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও অধ্যক্ষগৰাকীয়ে সকীয়াই দিয়ে ।
লগতে পঢ়ক :শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মুখত ভাৰত বিভাজনৰ বিভীষিকাৰ প্ৰসংগ