ETV Bharat / state

New Band of Assam Police: অসমীয়া থলুৱা লোকবাদ্যৰে অসম আৰক্ষীয়ে মুকলি কৰিব নতুন বেণ্ড - আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং

অসমীয়া থলুৱা বাদ্যযন্ত্ৰৰে অসম আৰক্ষীত শীঘ্ৰেই অন্তৰ্ভুক্ত হ’ব এটা নতুন বেণ্ড (Assam police music band) ৷ এই বেণ্ডত থাকিব অসম আৰক্ষীৰ প্ৰতিভাৱান কণ্ঠশিল্পী ৷ গুৱাহাটীত এই কথা সদৰী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ ৷

New Band of Assam Police
অসমীয়া থলুৱা লোকবাদ্যৰে অসম আৰক্ষীয়ে মুকলি কৰিব নতুন বেণ্ড
author img

By

Published : Mar 11, 2023, 5:28 PM IST

অসমীয়া থলুৱা লোকবাদ্যৰে অসম আৰক্ষীয়ে মুকলি কৰিব নতুন বেণ্ড

গুৱাহাটী, 11 মাৰ্চ: অচিৰেই মুকলি কৰা হ’ব অসম আৰক্ষীৰ এটা নতুন বেণ্ড । অসমীয়া লোক-সংস্কৃতিৰ সকলো বাদ্যযন্ত্ৰ থাকিব এই বেণ্ডত ৷ য’ত অসমৰ স্থানীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হ’ব আৰু অসম আৰক্ষীৰ প্ৰতিভাৱান কণ্ঠশিল্পীয়ে অংশ ল’ব (New band in Assam police) । বিহুৰ সময়তে আৰক্ষীয়ে এই নতুন বেণ্ডটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷ এই কথা সদৰী কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) ।

গোলাঘাটৰ নুমলিগড়ত অনুষ্ঠিত হোৱা তৃতীয় অসম ৰাজ্যিক অশ্বাৰোহণ প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ অশ্বাৰোহী দলৰ সদস্যসকলক শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে (Horse riding competition) । অশ্বাৰোহী দলটোৰ ছগৰাকী সদস্যই এই প্ৰতিযোগিতাত মুঠ 7 টা পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দুগৰাকী সদস্যই চতুর্থ স্থান লাভ কৰে ।

প্ৰতিযোগিতাৰ বিভিন্ন শাখাত পদক লাভ কৰি অসম আৰক্ষীলৈ সন্মান কঢ়িয়াই অনা অশ্বাৰোহী দলটোৰ অজয় কুমাৰ উপাধ্যায়, ঋতুপৰ্ণ চেতিয়া আৰু দেৱজিৎ শ‍ইকীয়াই একোটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Assam police equestrian team) । আনহাতে জিতুমণি চেত্ৰী আৰু গিলছন মহিলাৰীয়ে একোটাকৈ আৰু মুজিবুৰ ৰহমানে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে । দলটোৰ সন্তোষ হাজোৱাৰী আৰু ৰচিদুল আলমে প্ৰতিযোগিতাত চতুর্থ স্থান দখল কৰিবলৈ সক্ষম হয় (Assam police horse riding competition) ।

কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যালয়ত শনিবাৰে এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এনে সাফল্য অর্জনেৰে অসম আৰক্ষীলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অশ্বাৰোহী দলটোৰ সদস্যসকলক সম্বর্ধনা জনাই তেওঁলোকৰ পাৰদৰ্শিতাৰ শলাগ লয় । ভৱিষ্যতে দলটোৱে আৰু অধিক শক্তিশালী ৰূপত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

ভাষণ প্ৰসংগত অসম আৰক্ষীৰ অশ্বাৰোহী দলক অধিক শক্তিশালী কৰা হ’ব বুলি উল্লেখ কৰি দেশৰ শ্ৰেষ্ঠ দলসমূহৰ ভিতৰত অসম আৰক্ষীৰ অশ্বাৰোহী দলটোৱে যাতে স্থান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে । এই অনুষ্ঠানতে অসম আৰক্ষীৰ এটা নতুন বেণ্ড মুকলি কৰাৰ কথা সদৰী কৰে জি পি সিঙে ৷

লগতে পঢ়ক: Shocking robbery incident: মহানগৰীত শিহৰণকাৰী ডকাইতিৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.