ETV Bharat / state

পুনৰ চোৰলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা

author img

By

Published : Sep 19, 2021, 5:35 PM IST

আজাৰা আৰক্ষীৰ গুলিত গুলীবিদ্ধ দুধৰ্ষ চোৰ ৷ জানো আহক কিয় আৰক্ষীয়ে গুলীয়ালে চোৰটোক ৷

assam-police-shoots-one-more-criminal
পুনৰ অসম আৰক্ষীয়ে গুলীয়ালে অপৰাধীক

গুৱাহাটী,১৯ ছেপ্টেম্বৰ : আজাৰাত আৰক্ষীৰ গুলিত গুলীবিদ্ধ হ’ল জলপাইগুৰিৰ দুধৰ্ষ চোৰ আকাশদীপ সিং। আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতে দুধৰ্ষ চোৰ আকাশদ্বীপ সিঙক আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে , আজাৰা আৰক্ষীয়ে অভিযান চলায় ভৰলুৰ পৰা এখন মটৰ চাইকেলসহ আটক কৰিছিল আকাশদ্বীপ সিঙক ।

নিশা আজাৰা আৰক্ষীয়ে দুধৰ্ষ চোৰ আকাশদীপ সিঙক লৈ চোৰৰ বিৰুদ্ধে অভিযান চলাই থাকোতে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলী কৰে দুধৰ্ষ চোৰটোক । এই গুলীত ধৃত আকাশদ্বীপৰ বাঁও ভৰিত এটা গুলি লাগে । গুলিবিদ্ধ আকাশদ্বীপক চিকিৎসাৰ বাবে GMCH ত ভৰ্ত্তি কৰা হয় । সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষী থানাত ৫১৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে, ৰাজ্যত ইটোৰ পিছত অপৰাধীক এইদৰে আৰক্ষীয়ে গুলিয়াই নিয়ন্ত্ৰণ কৰিব লগীয়া হোৱাৰ বিষয়টোৱেও এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.