ETV Bharat / state

গুৱাহাটীত ৩৫ পেকেট হেৰইনসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Aug 29, 2021, 10:15 PM IST

কেন্দ্ৰীয় গুৱাহাটী আৰক্ষী জিলাৰ বিশেষ দল আৰু চান্দমাৰী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱালৈ চলিছিল এই অভিযান ৷

assam-police-seized-drugs-after-an-all-night-long-mission
ওৰে নিশা অভিযান চলাই ড্ৰাগছ সহ দুজনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ

গুৱাহাটী, ২৯ আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে কেন্দ্ৰীয় গুৱাহাটী আৰক্ষী জিলা(central police district Guwahati)ৰ বিশেষ দল আৰু চান্দমাৰী আৰক্ষীৰ ব্যাপক অভিযানত ড্ৰাগছসহ আটক হ'ল দুই ড্ৰাগছ সহবৰাহকাৰী ৷ অভিযানকাৰী দলটোৱে শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱালৈ অভিযান চলায় ৷ শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱালৈ চলা এই অভিযানত আৰক্ষীয়ে কৰণ দাস(২৩), স্বৰগম দাস(২৮) নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

assam-police-seized-drugs-after-an-all-night-long-mission
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ফটাশিল আৰক্ষী থানা(Fatasil police station)ৰ অন্তৰ্গত শংকৰ হোটেলৰ সমীপৰ পৰা আৰক্ষীয়ে ২৩ পেকেট হেৰইনসহ কৰণ দাসক কৰায়ত্ব ৷ ধৃত কৰণ দাসৰ পৰা আৰক্ষীয়ে নগদ ৭,০৫,৮৬০ টকা জব্দ কৰে । ইপিনে বতাহঘুলিত অভিযান চলাই স্বৰগম দাসৰ পৰা আৰক্ষীয়ে ১২ পেকেট হেৰইনসহ ১২ হাজাৰ টকা জব্দ কৰাৰ লগতে AS 01DW6046 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে ।

লগতে পঢ়ক : তামুলপুৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন

এই অভিযান কালত জব্দ কৰা মুঠ ৩৫ পেকেট হেৰইনৰ ওজন ৫০০ গ্ৰাম । জব্দ কৰা হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্ৰায় ৩.৫ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অভিযানকাৰী দলটোৱে যোৱাকালি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হেৰইনসহ ৪ জনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : উপনিৰ্বাচনৰ পূৰ্বে পুনৰ লাইম লাইটত লুৰীণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.