ETV Bharat / state

অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন

author img

By

Published : Oct 28, 2020, 8:49 PM IST

অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন ৷ দীঘলিপুখুৰীৰ পাৰত ফ্লেগ দিৱসৰ আয়োজন ৷ চাৰিদিনীয়াকৈ বেণ্ড প্ৰদৰ্শনৰ কাৰ্যসূচী মহানগৰ আৰক্ষীৰ ৷ মহানগৰীৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰা হ'ব অসম আৰক্ষীৰ বেণ্ড ৷

অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন
অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন

গুৱাহাটী, 28 অক্টোবৰ: অসম আৰক্ষীৰ ফ্লেগ দিৱস উপলক্ষে গুৱাহাটী মহানগৰ আৰক্ষীয়ে লৈছে চাৰিদিনীয়াকৈ বেণ্ড প্ৰদৰ্শনৰ কাৰ্যসূচী ৷ ইয়াৰ অংশ হিচাপে বুধবাৰে দীঘলিপুখুৰী পাৰত আনুষ্ঠানিক ভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আহ্বান মৰ্মে হাতত লোৱা হৈছে এই কাৰ্যসূচী ৷ জানিব পৰা মতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আহ্বান মৰ্মে এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷ মহানগৰীৰ বিভিন্ন স্থানত অসম আৰক্ষীৰ বেণ্ড প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বুধবাৰৰ দীঘলিপুখুৰী পাৰৰ অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক: এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয়: নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.