ETV Bharat / state

তালিবানক সমৰ্থন কৰি অসমত 14 জন গ্ৰেপ্তাৰ

author img

By

Published : Aug 21, 2021, 5:44 PM IST

তালিবানলৈ সমৰ্থন আগবঢ়াই অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল 14জনকৈ লোক ৷ তালিবানৰ পক্ষত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীয়ে লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে ৷

assam police nabs 14 people for pro taliban comment in social media
তালিবানক সমৰ্থন কৰি অসমত 14 জন গ্ৰেপ্তাৰ

নিউজ ডেস্ক, 21 আগষ্ট : আফগানিস্তান(Afghanistan)ত সংঘটিত শেহতীয়া ঘটনাক্ৰমৰ পাচতে তালিবান(Taliban)ৰ পক্ষে মন্তব্য কৰি বিপদত পৰিছে অসমৰ কেইবাজনো লোক ৷ তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰাৰ অপৰাধত অসম আৰক্ষী(Assam Police)এ 14 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 14 জনৰ ভিতৰত আছে মৌলানা ফজুল কৰিম, আবু বাক্কাৰ ছিদ্দিক, ছাইদুল হক, জাৱেদ মজুমদাৰ, মজিদুল ইছলাম, ফাৰুক হুছেইন খান, চৈয়দ আহমেদ, আৰমান হুছেইন, নাদিম আখটাৰ, খাণ্ডাকাৰ নুৰ আলোম, মৌলানা বছিৰুদ্দিন লস্কৰ, মুজিব উদ্দিন আৰু মৰ্তুজা হুছেইন খান ৷ আটকাধীন লোককেইজন দৰং, কামৰূপ, কাছাৰ, বৰপেটা, ধুবুৰী, হাইলাকান্দি, দক্ষিণ শালমাৰা, গোৱালপাৰা, হোজাই আৰু কৰিমগঞ্জকে ধৰি অসমৰ বিভিন্ন জিলাৰ বাসিন্দা ৷ অসম আৰক্ষীৰ এজন মুখপাত্ৰই এই কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বয়স ২৩ৰ পৰা ৬৫ বছৰৰ ভিতৰত ৷

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান(Special Director General of Assam Police) জি পি সিঙ(GP Singh)এ কয়, "তালিবানৰ কাৰ্যকলাপক লৈ সামাজিক মাধ্যমত পোষ্ট কৰাৰ বাবে অসম আৰক্ষীয়ে 14 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ যিকোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ পৰা বাচি থাকিবলৈ সামাজিক মাধ্যমত পোষ্ট বা লাইক আদি কৰোতে ৰাইজক সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে "৷

অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে সামাজিক মাধ্যমৰ পোষ্ট(social media post)সমূহ নিৰীক্ষণ কৰি আছে ৷ আফগানিস্তানত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰা সকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰীয় নিৰাপত্তা বিৰোধী যিকোনো পোষ্ট দিলে পোষ্ট কৰাজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ'ব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমুখে তৃতীয়খন বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.