ETV Bharat / state

Assam Police: দুৰ্নীতিৰ ক্ষেত্রত অসম আৰক্ষী শূন্য সহনশীল; ডিজিপি জি পি সিং - শূন্য সহনশীল

স্বাধীনত‍া দিৱসত পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক সম্বৰ্ধনা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । পদক হৈছে এতিয়ালৈকে কৰা কামৰ স্বীকৃতি । অসম আৰক্ষীৰ যাত্রাপথ যথেষ্ট দীঘলীয়া । সন্ত্রাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষী যুঁজ দিব লাগিব । সন্ত্রাসবাদী কাৰ্যকলাপ অসম আৰক্ষীয়ে নিৰ্মূল কৰিব লাগিব । পদক লাভ কৰা সকল দুনীৰ্তিত লিপ্ত হ'লে পুলিচৰ বদনাম হোৱাৰ উপৰি পদকৰ লগতে পদক দিয়াসকলৰো বদনাম হ'ব ।

Assam Police
Assam Police
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:06 PM IST

অসম আৰক্ষীৰ বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী, ২ ছেপ্টেম্বৰ: সদ্যসমাপ্ত স্বাধীনতা দিৱসত পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকলক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গুৱাহাটীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অফিচাৰ মেচৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানত পদক লাভ কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ।

পদক লাভ কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে পদক লাভ কৰাটো আৰম্ভণিৰ খোজ । অসম আৰক্ষীক যিটো পৰ্যায়লৈ নিব খোজা হৈছে সেই যাত্রাটো বৰ দীঘলীয়া বুলি সদৰী কৰি তেওঁ কয় যে পদক পালে ৰৈ যাম বুলি ভাবিলে নহ'ব । পদক হৈছে এতিয়ালৈকে কৰা কামৰ স্বীকৃতি ।

ক্ৰিমিনেল ইনভেষ্টিগেচন ভাল কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আমাৰ যাত্রা যথেষ্ট দীঘলীয়া । তেওঁ লগতে কয় যে কনভিকচন ৰেট ৫ শতাংশৰ পৰা আৰম্ভ কৰি যোৱা মাহত ১৪.৮ শতাংশ হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ৬০ শতাংশ ।

আনহাতে প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁ কয় যে অসমৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বাবে তেওঁ চাৰি-পাঁচ দিন পূৰ্বে চৰকাৰলৈ পত্র প্ৰেৰণ কৰিছে । ইয়াৰ ফলত ইতিমধ্যে ৰাজ্যত প্ৰতিষ্ঠা কৰা শান্তি বাহাল ৰাখিব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে য'ত কিছু পৰিমাণে সন্ত্রাসবাদী কাৰ্যকলাপ অব্যাহত আছে তাত আমি যুঁজ দিব লাগিব ।

সন্ত্রাসবাদী কাৰ্যকলাপ অসম আৰক্ষীয়ে নিৰ্মূল কৰিব লাগিব বুলি তেওঁ কয় । এইটো অসম আৰক্ষীৰ বাবে গধুৰ দায়িত্ব বুলি তেওঁ লগতে উল্লেখ কৰে । পদক লাভ কৰা সকলক উদ্দেশ্যি তেওঁ কয় যে পদক লাভ কৰা সকলৰ দায়িত্ব বহু বেছি । কোনো ধৰণৰ গণ্ডগোল তথা দুৰ্নীতিত লিপ্ত হ'ব নালাগে বুলি পদক লাভ কৰা সকলক উদ্দেশ্যি তেওঁ কয় যে দুৰ্নীতিৰ ক্ষেত্রত অসম আৰক্ষী শূন্য সহনশীল । এইক্ষেত্রত কোনো ধৰণৰ আপোচ কৰা নহ'ব ।

পদক লাভ কৰা সকল দুনীৰ্তিত লিপ্ত হ'লে আৰক্ষীৰ বদনাম হোৱাৰ উপৰি পদকৰ লগতে পদক দিয়াসকলৰো বদনাম হ'ব । তেওঁ সকলোকে নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ স্বাধীনতা দিৱসৰ অসম আৰক্ষীৰ আঠজনে পুলিচ মেডেল ফ'ৰ গেলেণ্ট্ৰী, ১৩ জনে পুলিচ মেডেল ফ'ৰ মেৰিটৰীয়াচ চাৰ্ভিছ, চাৰিজনে তদন্তৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক, ১৮ জনে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক আৰু ১৯ জনে মুখ্যমন্ত্ৰীৰ অসাধাৰণ সেৱাৰ পদক লাভ কৰে । আজিৰ অনুষ্ঠানত পদক লাভ কৰা সকলোকে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.