গুৱাহাটী, ১৮ ডিচেম্বৰ : আৰক্ষীয়ে বিচাৰি নোপোৱা মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগে গোপনে জামিনৰ বাবে আবেদন কৰিছে (Bail application of fraud Mridupawan Neog)। গুৱাহাটী উচ্চ ন্যায়ালয়ত নেওগে দাখিল কৰিছে জামিন আবেদন (Mridupawan files bail plea in Guwahati HC)। আদালতে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ আবেদন নাকচ কৰিছে ।
উল্লেখ্য যে, নগাঁৱৰ এক গোচৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে নেওগৰ বিৰুদ্ধে গুৱাহাটীৰ কাহিলীপাৰাত থকা তেওঁৰ বাসগৃহত অভিযান চলাইছিল । সেই অভিযানৰ সময়ত পিষ্টলকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ৰহস্যজনকভাৱে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল এই প্ৰৱঞ্চকজনে । বিভিন্ন ক্ষমতাশালী লোকৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰচাৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল মৃদুপৱন নেওগ নামৰ প্ৰৱঞ্চকটোৱে ।
তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে নেওগ । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নেওগৰ সন্দৰ্ভত দুদিনৰ পূৰ্বে তাৎপৰ্যজনক মন্তব্য কৰিছিল । আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উঠিছিল যে কিয় এই প্ৰৱঞ্চকটোৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাই ।
তিনি মাহ ধৰি আৰক্ষীয়ে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সন্ধান উলিয়াব পৰা নাই । মৃদুপৱন নেওগৰ সন্ধান নোপোৱা আৰু আৰক্ষীৰ দুৰ্বল অভিযানে উন্মোচন কৰিছে বহু প্ৰশ্নৰ ৷ ৰাজ্যত চৰকাৰ গঠন কৰিয়ে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল অপৰাধ নিৰ্মূলৰ কঠোৰ অভিযান ।
তেনে অভিযানৰ মাজে মাজে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি গৈছিল যে চৰকাৰখনৰ দিনত কোনো এজন অপৰাধীয়ে সাৰি যাব নোৱাৰিব । কঠোৰ হ'ব চৰকাৰ, প্ৰশাসন । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তেনে মন্তব্যক চৰম ভ্ৰুকুটি কৰি তিনিমাহ ধৰি সন্ধানহীন হৈ আছে মৃদুপৱন নেওগ (Assam police fail to arrest Mridupawan Neog)। গোচৰ পঞ্জীয়ন কৰিও ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে অসম আৰক্ষী । যেন কোনো অদৃশ্য শক্তিশালী শক্তিৰ আশীৰ্বাদ আছে প্ৰৱঞ্চকজনৰ ওপৰত ।
উল্লেখ্য যে, ২৪ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ সন্মুখতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসভৱনৰ পৰা খিৰিকীৰে পলায়ন কৰিছিল প্ৰৱঞ্চকজনে । অভিযানকাৰী দলটোৱে মৃদুপৱনৰ ফ্লেটত তালাচী চলাই এটা ৩.২ পিষ্টল, ২০ জাঁই সক্রিয় গুলী, এ পি এছ, আই পি এছ বিষয়াৰ বেজ, ৮ টা বিদেশী মুদ্ৰা, গৃহ মন্ত্রালয়ৰ তিনিটা ষ্টাম্প পেড, অশোক স্তম্ভ থকা ভাৰত চৰকাৰৰ ফলক, এটা ছ'নী লেপটপ, এটা ডি এছ এল আৰ কেমেৰা, অশোক স্তম্ভ থকা ভিজিটিং কার্ড, চেক বুক, বেংক পাছবুক, সোণৰ চেইনকে ধৰি বহু আপত্তিজনক নথি-পত্র জব্দ কৰিছিল । নিজকে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ৰ বিষয়া বুলি পৰিচয় দি অসম আৰক্ষীৰ নিৰাপত্তা লৈ ফুৰা প্ৰতাৰক মৃদুপৱনক কোনে প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষী ।
অসম আৰক্ষীৰ কোন উচ্চপদস্থ বিষয়াই সহায় কৰিছিল মৃদুপৱনক নেওগক । মৃদুপৱন নেওগৰ সমান্তৰালভাৱে চৰ্চিত এই বিষয়বোৰৰ এতিয়ালৈকে কোনো সুদূত্তৰ ওলোৱা নাই । তদন্তৰ আওতালৈ আহিবনে প্ৰৱঞ্চক নেওগক সহায় কৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়া । এই দিশটো কোনো ধৰণৰ তদন্ত হোৱা নাই ।
নগাঁৱৰ এজন লোকক ত্ৰিশ লাখ টকাৰ প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চকজনক বিচাৰি পোৱা নাই নগাঁও আৰক্ষীয়ে । অবৈধ ধন সৰবৰাহ, নাৰী সৰবৰাহৰ উপৰিও বিবাহিত মহিলাক জালত পেলাই ব্লেকমেইলিং কৰাৰ অভিযোগতো অভিযুক্ত মৃদুপৱন নেওগ । এনে এজন অপৰাধ মানসিকতাৰ লোকৰ ক্ষেত্ৰত কিয় থমকি ৰৈছে অসম আৰক্ষী । সেয়া বৰ্তমান সময়ৰ বাবে এক ডাঙৰ সাঁথৰ ৷
মৃদুপৱন নেওগৰ প্ৰৱঞ্চনাৰ অধ্যায় মুকলি হোৱাৰ পাছতেই পোহৰলৈ আহিছিল প্ৰৱঞ্চকজনৰ বিজেপি আৰু আৰ এছ এছৰ নেতাৰ সৈতে থকা ঘনিষ্ঠতাৰ গোপন অধ্যায় । মৃদুপৱন নেওগৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে থকা অন্তৰংগ মুহূৰ্তৰ আলোকচিত্ৰ ইতিমধ্যে ৰাজহুৱা হৈছে । অভিযুক্ত মৃদুপৱন নেওগৰ তিনিমাহজোৰা আত্মগোপন আৰু অসম আৰক্ষীৰ অভিযানৰ ব্যৰ্থতাই মৃদুপৱন নেওগৰ হাত দীঘল থকাৰ কথাকে সূচায় ।
প্ৰশ্ন হয় যে ৰাজনৈতিক ক্ষমতাৰে পলাই থাকিবলৈ সক্ষম হৈছে নেকি মহাঠগ মৃদুপৱন নেওগ । উল্লেখ্য যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মৃদুপৱন নেওগৰ অৱস্থিতি মধ্যপ্ৰদেশত ধৰা পৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছিল । কেইবাবাৰো মৃদুপৱন নেওগ সন্দৰ্ভত মন্তব্য কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
ডি জি পিৰ সুৰতে সুৰ মিলাই কেইদিনমান পূৰ্বে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো মৃদুপৱন নেওগৰ লোকেশ্যন মধ্যপ্ৰদেশত পোৱা বুলি মন্তব্য কৰিছিল । কিন্তু তথাপিও ঠগ-প্ৰৱঞ্চক মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী । চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ আৰু অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত ব্যক্তিবিশেষৰ প্ৰতি দেখুওৱা অহেতুক দৰদে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : Pradip Buragohain case : পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰদীপ বুঢ়াগোহাঁই