ETV Bharat / state

Assam police day 2023 : অসম আৰক্ষী দিৱসত আত্মবলিদান দিয়া অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ - অসম আৰক্ষীৰ বীৰ শ্বহীদসকলক স্মৰণ

কাহিলিপাৰা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন । মুখ্য অতিথি হিচাপে আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাৰ অংশ গ্ৰহণ । অসমৰ কেৱল ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত থাকিব AFSPA । অসম আৰক্ষী দিৱসত ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।

Assam police day celebration in Guwahati
অসম আৰক্ষীৰ বীৰ শ্বহীদসকলক স্মৰণ
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:11 PM IST

গুৱাহাটী, ১ অক্টোবৰ : অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি দেওবাৰে ৰাজ্যজুৰি ‘‘অসম আৰক্ষী দিৱস’’ উদযাপন কৰা হয় । গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অসম আৰক্ষী দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই । অনুষ্ঠানত অসম আৰক্ষীৰ আকৰ্ষণীয় কুচ-কাবাজ প্ৰদৰ্শন কৰা হয় ।

Assam police day celebration in Guwahati
অসম আৰক্ষী দিৱস উদযাপন

আনহাতে, মুখ্য অতিথি আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই অসম আৰক্ষীৰ মাৰ্চপাচৰ অভিবাদন গ্ৰহণ কৰে । ভাষণ প্ৰসংগত আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই কয় যে অসম আৰক্ষীত কাম কৰাৰ অভিজ্ঞতাই তেওঁক আগুৱাই যোৱাত বিশেষভাৱে সহায় কৰিছিল ।

অসম আৰক্ষীৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁ য’তেই নাযাওঁক কিয় অসম আৰক্ষীৰ জয়গান গাবলৈ কুণ্ঠাবোধ নকৰে । তেওঁ লগতে কয় যে উত্তৰ-পূবৰ ভূখণ্ডত অসম আৰক্ষীৰ অৱদানৰ বিষয়ে ভাৰতৰ ৰাইজ সম্পূৰ্ণৰূপে অৱগত নহয় । এইক্ষেত্রত আৰু অধিক প্ৰচাৰ কৰা উচিত বুলি তেওঁ কয় ।

অসম আৰক্ষী দিৱস

অসমৰ আজিৰ এই সুৰক্ষিত পৰিৱেশৰ অন্তৰালত অসম আৰক্ষীৰ বিশেষ ভূমিকা আছে । অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসৰ বিষয়ে সদৰী কৰে ।

Assam police day celebration in Guwahati
অসম আৰক্ষীৰ বীৰ শ্বহীদসকলক স্মৰণ

অসম আৰক্ষীয়ে বহু জটিল পৰিস্থিতিত ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময়ত ৰাজ্যখনত শান্তি বাতাবৰণ গঢ় লৈ উঠিছে । তেওঁ লগতে কয় যে আজিৰ পৰা অসমৰ মাত্র চাৰিখন জিলাত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) থাকিব । বাকী জিলাসমূহৰ পৰা সম্পূৰ্ণৰূপে এই আইন আঁতৰ কৰোৱা হৈছে ।

অসম আৰক্ষী দিৱস 2023

ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউৰ বাহিৰে অসমৰ আন জিলা আজিৰে পৰা অশান্ত অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰা হৈছে । অসম আৰক্ষী আজি যিটো পৰ্যায়ত উপনীত হৈছে তাৰ আঁৰত আৰক্ষী জোৱানসকলৰ বিশেষ অৱদান আছে বুলি তেওঁ কয় ।

লগতে তেওঁ গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ অৱদানৰ কথাও ভাষণত সদৰী কৰে । অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে । ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষী প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা আই পি এছ কে আৰ চৌধুৰীৰ স্মৰণত প্ৰতি বছৰে ১ অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয় ।

গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ লগতে ৰাজ্যজুৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসক স্মৰণ কৰি উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক : Kuki demands Puducherry like UT : পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কুকি সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.