গুৱাহাটী,৫ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ অভিযান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত শুকুৰবাৰৰ পৰা ৰাজ্যত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে হঠাতে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । জিলাই জিলাই এতিয়া কান্দোনৰ ৰোল । আজিও ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে । এতিয়ালৈকে ৰাজ্যজুৰি আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু কৰা ৪০৭৪ টা গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰিছে ২২৭৮ জন লোকক(2278 arrested against 4074 cases related to child marriage ) ।
![Crackdown Against Child Marriage](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-2278-arrested-against-4074-cases-related-to-child-marriage-7209925_05022023193441_0502f_1675605881_348.jpg)
শুকুৰবাৰে আৰক্ষীয়ে অসমৰ বিভিন্ন জিলাত অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত ২০৪৪ জনক গ্ৰেপ্তাৰ কৰিছিল(Operation against child marriage in Assam) । সেইদৰে শনিবাৰে ২১৪ জনক গ্ৰেপ্তাৰ কৰিছিল । আজি অৰ্থাৎ দেওবাৰে আৰক্ষীয়ে নতুনকৈ ২০ জন লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ভিতৰত বাল্যবিবাহ কৰা স্বামী, পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিত আছে । উল্লেখ্য যে এতিয়ালৈকে বিশ্বনাথ জিলাত সৰ্বাধিক ১৩৯ জন লোক গ্ৰেপ্তাৰ হৈছে । আনহাতে জিলাখনত গোচৰ ৰুজু হৈছে ৯৭ টা । ইফালে সৰ্বাধিক গোচৰ ৰুজু হৈছে ধুবুৰী জিলাত । জিলাখনত ৩৭৪ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে ১২৬ জন লোক(Crackdown Against Child Marriage) ।
আনহাতে বজালিত ৫৩ টা গোচৰৰ বিপৰীতে ৪৪ জনক, বাক্সাত ১৫৩ টাৰ বিপৰীতে ১২৩ জনক, বৰপেটাত ৮১ টাৰ বিপৰীতে ১৩০জনক, বঙাইগাঁৱত ১২৩ টাৰ বিপৰীতে ১১৭ জনক, কাছাৰত ৫০ টাৰ বিপৰীতে ৮০ জনক, চৰাইদেউত ৭৮ টাৰ বিপৰীতে ৬৫ জনক, চিৰাঙত ৫৪ টাৰ বিপৰীতে ৪১ জনক, দৰঙত ১২৫ টাৰ বিপৰীতে ৬১ জনক, ধেমাজিত ১০১ টাৰ বিপৰীতে ২৯ জনক, ডিব্ৰুগড়ত ৮৩ টাৰ বিপৰীতে ৬ জনক, ডিমা হাচাওত ২৫ টাৰ বিপৰীতে ২৪ জনক, গোৱালপাৰাত ১৫৭ টাৰ বিপৰীতে ৮৪ জনক, গোলাঘাটত ৫৬২ টাৰ বিপৰীতে ২৬ জনক, হাইলাকান্দিত ১০৯ টাৰ বিপৰীতে ৮২ জনক, হোজাইত ২৫৫ টাৰ বিপৰীতে ১১৭ জনক, হামৰেনত ১৫ টাৰ বিপৰীতে ১০ জনক, যোৰহাটত ১০ টাৰ বিপৰীতে ৮ জনক, কামৰূপত ৮০ টাৰ বিপৰীতে ৮৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷
একেদৰে কাৰ্বি আংলঙত ১২৬ টাৰ বিপৰীতে ৫৩ জনক, কোকৰাঝাৰত ২০৪ টাৰ বিপৰীতে ৯৪ জনক, কৰিমগঞ্জত ৯২ টাৰ বিপৰীতে ৮১ জনক, লখিমপুৰত ৩৩ টাৰ বিপৰীতে ২৮ জনক, মাজুলীত ৪৩ টাৰ বিপৰীতে ২৪ জনক, মৰিগাঁৱত ২২৪ টাৰ বিপৰীতে ৮১ জনক, নলবাৰীত ১৭১ টাৰ বিপৰীতে ৪০ জনক, নগাঁৱত ১৪১ টাৰ বিপৰীতে ১০১ জনক, শদিয়াত ৯৭ টাৰ বিপৰীতে ৪২ জনক, শিৱসাগৰত ৫১ টাৰ বিপৰীতে ২৪ জনক, শোণিতপুৰ ৬০ টাৰ বিপৰীতে ৩৫ জনক, দক্ষিণ শালমাৰাত ১৪৫ টাৰ বিপৰীতে ৪১ জনক, তামুলপুৰত ১১০ টাৰ বিপৰীতে ৬৩ জনক, তিনিচুকীয়াত ৭৩ টাৰ বিপৰীতে ৩১ জনক, ওদালগুৰিত ২১৩ টাৰ বিপৰীতে ৮৪ জনক আৰু গুৱাহাটী মহানগৰীত ১৯২ টা গোচৰৰ বিপৰীতে ৫৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে । জিলাই জিলাই চলিছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰু সমান্তৰালভাৱে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ । ৰাজ্যৰ থানাসমূহ এতিয়া বাল্যবিবাহৰ গোচৰকলৈ ব্যস্ত ।
লগতে পঢ়ক: Woman Attempts Suicide in Police Station: নগাঁও থানাৰ ভিতৰতে চিপ লৈ আত্মহত্যাৰ চেষ্টা এগৰাকী মাতৃৰ