ETV Bharat / state

বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

author img

By

Published : May 23, 2020, 4:30 PM IST

লক ডাউনৰ সময়ছোৱাত মীন বিভাগ আৰু ফিছফেডে অসমৰ উৎপাদিত মাছৰে ৰাজ্যবাসীৰ অভাৱ পূৰণ কৰি প্ৰমাণ কৰিছে এই কথা ৷

Assam now self sufficient in fish production
বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

গুৱাহাটী, 23 মে': কৰ'ণা ভাইৰাছৰ আতংক আৰু লকডাউনৰ মাজতে অসমৰ মীনপালক সকললৈ সুখবৰ ৷ অসমতে আছে মাছৰ উৎপাদেনেৰে স্বাৱলম্বী হ'ব পৰা পূৰ্ণ সম্ভাৱণা ৷ লক ডাউনৰ সময়ছোৱাত মীন বিভাগ আৰু ফিছফেডে অসমৰ উৎপাদিত মাছৰে ৰাজ্যবাসীৰ অভাৱ পূৰণ কৰি প্ৰমাণ কৰিছে এই কথা ৷ লকডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ মাছৰ আমদানি বন্ধ হৈ পৰাত অসমত উৎপাদিত মাছেৰেই ৰাজ্যবাসীৰ চাহিদা পুৰণ কৰিছে ৰাজ্যৰ মীন বিভাগ আৰু ফিছফেডে ৷ 10 এপ্ৰিলৰ পৰা সমগ্ৰ অসমতে থলুৱা উৎপাদিত 18 লাখ কেজি মাছ বিক্ৰী কৰি প্ৰায় 80 কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে ৰাজ্যৰ মীন বিভাগে ৷ কেৱল গুৱাহাটীত ফিছফেডৰ তৰফৰ পৰা প্ৰায় 35 হাজাৰ কেজি মাছ বিক্ৰী কৰা বুলি জনায় ফিছফেডৰ পৰিচালন সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই ৷

বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

উল্লেখ্য যে, ফিছফেডৰ তত্ত্বাৱধানত কেৱল গুৱাহাটীতে প্ৰতিদিন যোগান ধৰা হৈছে 15 ৰ পৰা 20 কুইন্টল মাছ ৷ ইয়াৰ পৰা বিশেষভাৱে লাভাৱাম্বিত হৈছে সোনাপুৰ, হাজো, ৰঙিয়া, নলবাৰী আদি ঠাইৰ মৎস উৎপাদকসকল ৷ এই কথাই পুনৰবাৰ প্ৰমাণ কৰিলে যে, অসমত আছে মীন পালনেৰে স্বাৱলম্বী হ'ব পৰা এক সোনালী সুযোগ ৷ মীনপালকসকলে বৈজ্ঞানিক পদ্ধতিৰে মীন পালনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যত উৎপাদিত থলুৱা মাছেৰেই চাহিদা পূৰণ হ'ব ৰাজ্যবাসীৰ ৷ আনকি বহিঃৰাজ্যতো মাছ যোগান ধৰিবলৈ সক্ষম হ'ব অসমৰ মীনপালকসকলে ৷

লগতে পঢ়কঃ বিধায়ক পদ্ম হাজৰিকালৈ “কৰ্মযোগী” উপাধি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.