গুৱাহাটী, ২৫ জুন : বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফল । গুৱাহাটী মহানগৰীৰো কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিছে যদিও কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিব পৰা নাই নিজৰ সফলতা ।
এনে এগৰাকী ছাত্ৰী হৈছে ভৰলুমুখৰ নাৰায়ণ নগৰৰ নালিনী জামাৰ । নালিনী জামাৰে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত লাভ কৰিছে দশম স্থান । গুৱাহাটীৰ এন ই এফ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ নালিনী জামাৰে সৰ্বমুঠ ৪৫১ নম্বৰ লাভ কৰি দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
বাণিজ্য শাখাত দশম স্থান দখল কৰিও নালিনী জামাৰে নিজৰ এই সফলতা উদযাপন কৰিবলৈ অসক্ষম হৈছে । কাৰণ কোভিড-১৯ ৰ সক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে ভৰলুমুখৰ নাৰায়ণ নগৰক কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । যাৰবাবে নালিনী জামাৰৰ পৰিয়াল আবদ্ধ হৈ আছে কন্টেইনমেণ্ট জ'নত ।
![Assam HS Result 2020 announced, comarce streem 10 th rank Nalini jamar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:44:48:1593083688_as-ghy-02-10th-position-holder-in-lock-down-photo-7201051_25062020162551_2506f_1593082551_155.jpg)
উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে । গুৱাহাটীত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহতা ইমানেই বৃদ্ধি পাইছে যে জিলা প্ৰশাসনে গুৱাহাটীৰ ৩১ টা ৱাৰ্ডৰ ১১ টাতে সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছে।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীয়ে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ চিমি দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে নৱম স্থান আৰু এন ই এফ কলেজৰ ছাত্ৰী নালিনী জামাৰে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে । নালিনী জামাৰে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ সৰ্বমুঠ ৪৫১ নম্বৰ লাভ কৰিছে ।
লগতে পঢ়ক : কলা শাখাত তৃতীয় স্থানত উজলিল বৰহাপজানৰ মৌমিতা কোঁৱৰ