ETV Bharat / state

12 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা - হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে অনুষ্ঠিত হ’ব উক্ত পৰীক্ষা ৷

assam hs exam 2024
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 7:03 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী । ২০২৪ বৰ্ষৰ ১২ ফেব্ৰুৱাৰীৰ পৰা‌ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব । উক্ত পৰীক্ষা ১৩ মাৰ্চত অন্ত পৰিব ।

দুয়োবেলা অনুষ্ঠিত হ'বলগীয়া উক্ত পৰীক্ষাৰ আগবেলাৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব, আনহাতে পিছবেলাৰ পৰীক্ষা হ'ব ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ । ইয়াৰোপৰি ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ২৪ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ।

assam hs exam 2024
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব তিনিওটা শাখাৰ অৰ্থাৎ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ইংৰাজীৰ পৰীক্ষা । সংগীত বিষয়ৰ তিনিওটা শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব অহা ১৩, ১৭ আৰু ২৩ ফেব্ৰুৱাৰীত । ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিহু বিষয়ৰ পৰীক্ষা । ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ৰাজনীতি বিজ্ঞান, বিজনেছ ষ্টাডী আৰু ৰসায়ন বিজ্ঞানৰ পৰীক্ষা ৷ বৃত্তিমূলক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১৭ ফেব্ৰুৱাৰী, ৫ মাৰ্চ আৰু ৯ মাৰ্চত ।

আনহাতে শিক্ষা, পদাৰ্থ বিজ্ঞান আৰু একাউন্টিচিৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১৯ ফেব্ৰুৱাৰীত ৷ MIL আৰু Alternative ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ'ব ২১ ফেব্ৰুৱাৰীত ।

এডভান্স সংস্কৃতৰ পৰীক্ষা অনুষ্ঠিত হ'ব ২২ ফেব্ৰুৱাৰীত ৷ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গণিতৰ পৰীক্ষা । ২৯ ফেব্ৰুৱাৰীত জীৱবিজ্ঞান, ইতিহাস আৰু বীমাৰ পৰীক্ষা । ১ মাৰ্চত চাৰু কলাৰ পৰীক্ষা অনুষ্ঠিত হ'ব । ২ মাৰ্চত Advance languageৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।

৪ মার্চত অনুষ্ঠিত হ'ব অৰ্থনীতি বিষয়ৰ পৰীক্ষা । ৫ মাৰ্চত অনুষ্ঠিত হ’ব স্বদেশ অধ্যয়ন পৰীক্ষা । ৬ মাৰ্চত পৰিসংখ্যা বিষয়ৰ সংখ্যা পৰীক্ষা ৷ ভূগোল, ভূ-বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৭ মাৰ্চত ৷ ইফালে তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৮ মাৰ্চত ।

লগতে পঢ়ক : অসমৰ প্ৰাথমিক বিদ্যালয়ত জনজাতীয় ভাষাত প্ৰৱৰ্তন কৰা হ'ব পাঠ্যপুথি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.