গুৱাহাটী,15 মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে অসমীয়া ছবি 'ৰদ হৈ আহা তুমি'ৰ তিনিটাকৈ গীত উন্মোচন কৰে বিশিষ্ট সংগীত সংগীত পৰিচালক ৰমেন বৰুৱাই৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰমেন চৌধুৰী আৰু অভিনেতা ভগৱত প্ৰীতম ।
নৱতম ছবি খনৰ গীত সমূহ ৰচনা কৰিছে নাট্যকাৰ ৰাজদ্বীপে । পৰান বৰকটকীয়ে পৰিচালনা কৰা গীত কেইটাত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত আৰু পম্পী গগৈয়ে ।
অসমৰ আটাইকেইটা চিত্ৰ গৃহত মুক্তি পাবলগীয়া ছবিখনে অসমীয়া ছবিজগত এক নতুন ধাৰা আনিব বুলি আশাবাদী প্ৰযোজক মৌচুমী বৰদলৈ ।ছবিখনত অভিনয় কৰিছে মলয়া গোস্বামী, সিদ্ধান্ত কলিতা,পদ্মৰাগ গোস্বামীকে ধৰি বহু ন পুৰণি শিল্পীয়ে ।