গুৱাহাটী, 31 মাৰ্চঃ "চকীদাৰে ব্যৱহাৰ কৰা এটা কলমৰ মূল্য 1লাখ 30হেজাৰ টকা" বুলি মোডীক কটাক্ষ মনজিৎ মহন্তৰ ৷ দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ এখন বিশেষ সভাত এইদৰে মোডীক লৈ মন্তব্য কৰে বিশিষ্ট সাংবাদিকজনে ৷
উক্ত সভাখনত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বহুকেইটা গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও জানিবলৈ দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে । উক্ত সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত আৰুঅদীপ ফুকন। সভাখনত জাতি বচাবলৈ হ'লে বিজেপিক প্ৰতিহত কৰিব লাগিব বুলিও মন্তব্য কৰে মনজিৎ মহন্তই ।
আনহাতে গুৱাহাটীৰ 85 হাজাৰ পৰিয়ালৰ লগতে ৰাজ্যৰ 30 লক্ষাধিক খিলঞ্জীয়া পৰিয়ালে আগন্তুক নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে ভোটদান কৰি প্ৰতিবাদ কৰিব বুলি সভাত উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই ।