ETV Bharat / state

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

author img

By

Published : May 3, 2019, 5:47 AM IST

উল্লেখ্য যে মাজতে সাংবাদিক আক্ৰমণৰ ঘটনা কমি আহিছিল যদিও বিজেপি চৰকাৰৰ শাসনত আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বাঢ়িবলৈ লৈছে বুলি মন্তব্য নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ কৰ্ম-কৰ্তাৰ

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

গুৱাহাটী, 3 মেঃ "পৰাগ দাসৰ আগৰ পৰাই আমি দেখি আহিছো অসমৰ যি সকল সাংবাদিকে শাসক পক্ষৰ কথা মানি কাম নকৰে তেনে সাংবাদিকসকলৰ ওপৰত আক্ৰমণৰ ঘটনা ঘটি আহিছে ‌" এই মন্তব্য মনজিৎ মহন্তৰ ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই সম্বোধন কৰা এখন সংবাদ মেলত এই মন্তব্য কৰে মনজিৎ মহন্তই৷ উক্ত সংবাদ মেলখনত সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক লৈ ভিন্ন মন্তব্য দাঙি ধৰে হীৰেন গোহাঁই,মনজিৎ মহন্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে৷

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

আৰু পঢ়ক মাৰ্ঘেৰিটাত সাংবাদিকৰ প্ৰতিবাদ

সংবাদ মেলখনত কয় যে চৰকাৰৰ কাম কাজৰ সমালোচনা কৰা বাবে সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণ চলাই আহিছে৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব অথবা সৰ্বানন্দ সোনোৱাল দায়ী হব বুলি সংবাদ মেলত মন্তব্য কৰে ।

Intro:বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ।সংবাদমেলত উপস্থিত থাকে হীৰেন গোহাঁই,মনজিৎ মহন্ত কে ধৰি বিশিষ্ট ব্যক্তি সকল । সংবাদমেলত মনজিৎ মহন্ত ই সাংবাদিক আক্ৰমণ ৰ ঘটনাক লৈ কয় যে অসমত সাংবাদিকৰ ওপৰত যি আক্ৰমণ সেয়া নতুন নহয় ।পৰাগ দাসৰ আগৰ পৰাই আমি দেখি আহিছো যে অসমৰ যি সকল সাংবাদিকে শাসক পক্ষৰ কথা মানি কাম নকৰে বা কৰিবলৈ সন্মতি প্ৰকাশ নকৰে তেনে সাংবাদিক সকলৰ ওপৰত ধাৰাষাৰ ঘটনা ঘটি আহিছে ‌ । ষড়যন্ত্ৰটো আছেই কূট কৌশল আছে আৰু শাৰিৰীক ভাৱে আক্ৰমণ কৰা ঘটনা বিভিন্ন সময়ত ঘটিছে । কেইবাগৰাকী সাংবাদিক মৃত্যু মুখত পৰিছে । কিছু দিন কমিছিল যদিও এতিয়া Bjp চৰকাৰৰ শাসনত আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণ ৰ ঘটনা বাঢ়িবলৈ লৈছে । তেওঁ লোকৰ বিৰুদ্ধে সমালোচনা কৰিলে ভাবুকি দিয়ে,টেলিফোন ত ভাবুকি দিয়ে । মুকালমুৱা ঘটনাতোত Bjp দলৰ এজন বিধায়ক জৰিত থকাৰ অভিযোগ আছে । বিধায়ক জনৰ বিৰূদ্ধে কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই?আমি বিচাৰো উচ্চ পৰ্যায়ৰ তদন্ত হব লাগে । চৰকাৰৰ কাম কাজৰ সমালোচনা কৰা বাবে এনেধৰণৰ আক্ৰমণ কৰাটো কেতিয়াও সহ্য কৰা নহয় । সাংবাদিক ৰ নিৰাপত্তা ৰ বাবে কঠোৰ আইন বলবৎ কৰিব লাগে । ষড়যন্ত্ৰ বন্ধ কৰিব লাগে । চৰকাৰ খনে সাংবাদিক ৰ সুৰক্ষা দিব নোৱাৰে সাধাৰণ মানুহক কি সুৰক্ষা দিব? কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰি নিৰ্বাচনত কষ্ট কৰা বাবে সাংবাদিক ক ধন্যবাদ জনাইছিল, কিন্তু তেনেকৈ ধন্যবাদ দিয়াৰ পৰিবৰ্তে নিৰাপত্তা ৰ ক্ষেত্ৰত গুৰুত্ব।দিলে আমি ধন্যবাদ দিলো হয় ।এফালে আক্ৰমণ কৰিব এৰি দিব আৰু আনফালে চাহ মিঠাই খুৱাই ধন্যবাদ জনাই । আৰু যাতে কোনো সাংবাদিক আক্ৰমণ ৰ বলি নহয় চৰকাৰে নিশ্চিত কৰিব লাগিব, আৰু যদি নকৰে সৰ্বানন্দ সোনোৱাল দায়ী হব ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.