ETV Bharat / state

বিজেপি-অগপ মিত্ৰজোটৰ পিচত এইবাৰ এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত বুজাবুজি - বিজেপি-অগপ মিত্ৰজোট

অসমৰ তিনিটা সমষ্টিকলৈ এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত বুজাবুজি। কোকৰাঝাৰত এ আই ইউ ডি এফে, ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰাৰ বিপৰীতে ইউ পি পি এলে ধুবৰী আৰু বৰপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক সহায় কৰিব

বিজেপি-অগপ মিত্ৰজোটৰ পিচত এইবাৰ এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত বুজাবুজি
author img

By

Published : Apr 3, 2019, 5:25 PM IST

গুৱাহাটী, 3 এপ্ৰিলঃ লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি হোৱাৰ খবৰে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা লাভ কৰি থকাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত আহিল এক নতুন খবৰ। বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলে লোকসভা নিৰ্বাচনত বুজাবুজি কৰিলে কোকৰাঝাৰৰ ইউ পি পি এলৰ দলৰ লগত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিক পৰাভূত কৰিবলৈ উক্ত দল দুটাই এটাই আনটোক সহায়ৰ হাত আগবঢ়োৱা বুলি বুধবাৰে মহানগৰীত এক সংবাদমেল অনুষ্ঠিত কৰি এ আই ইউ ডি এফৰ মুখপাত্ৰ আমিনুল ইছলামে জানিবলৈ দিয়ে ৷

বিজেপি-অগপ মিত্ৰজোটৰ পিচত এইবাৰ এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত বুজাবুজি

এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত হোৱা বুজাবুজিৰ কথা প্ৰকাশ কৰি আমিনুল ইছলামে কয় "হাগ্ৰাম মহিলাৰীয়ে বড়োসকলক লৈ ৰাজনীতি কৰাৰ বিপৰীতে হীৰা শৰণীয়াই বি টি এ ডিত থকা অবড়ো সকলক লৈ ৰাজনীতি কৰিছে।"বি টি এ ডিত বসবাস কৰা সকলো সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লোকৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে এ আই ইউ ডি এফ আৰু ইউ পি পি এল দলে বুজাবুজি কৰাৰ লগতে কোকৰাঝাৰত এ আই ইউ ডি এফে, ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰাৰ বিপৰীতে ইউ পি পি এলে ধুবৰী আৰু বৰপেটাতএ আই ইউ ডি এফৰ প্ৰাৰ্থীক সহায় কৰিব।

Intro:উত্তৰ অসম আৰু নামনি অসমৰ তিনিটা সমষ্টিকলৈ এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত বুজাবুজি। কোকৰাঝাৰত এ আই ইউ ডি এফয়ে, ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰাৰ বিপৰীতে ইউ পি পি এলয়ে ধুবৰী আৰু বাপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক সহায় কৰিব।

Body:লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি হোৱাৰ খবৰে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা লাভ কৰি থকাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত আহিল এক নতুন খবৰ। বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলে লোকসভা নিৰ্বাচনত বুজাবুজি কৰিলে কোকৰাঝাৰৰ ইউ পি পি এলৰ দলৰ লগত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰু বিজেপিক পৰাভূত কৰিবলৈ এই ৰাজনৈতিক দল দুটাই এটাই আনটোক সহায় কৰিবলৈ আগুৱাই আহিল। আজি মহানগৰীত এক সংবাদমেল অনুষ্ঠিত কৰি এ আই ইউ ডি এফ দলৰ মুখপাত্ৰ আমিনুল ইছলামে এ আই ইউ ডি এফ আৰু ইউ পি পি এলৰ মাজত হোৱা বুজাবুজিৰ কথা প্ৰকাশ কৰি কয় হাগ্ৰাম মহিলাৰীয়ে বড়ো সকলক লৈ ৰাজনীতি কৰাৰ বিপৰীতে হীৰা শৰণীয়াই বি টি এ ডিত থকা অবড়ো সকলক লৈ ৰাজনীতি কৰিছে।

বাইট : আমিনুল ইছলাম, এ আই ইউ ডি এফ দলৰ মুখপাত্ৰ

Conclusion:বি টি এ ডিত বসবাস কৰা সকলো সম্প্ৰদায় আৰু জনগোষ্টীৰ লোকৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে এ আই ইউ ডি এফ আৰু ইউ পি পি এল দল এক বুজাবুজিৰ কৰিছে। এই বুজাবুজি মৰ্মে কোকৰাঝাৰত এ আই ইউ ডি এফয়ে, ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰাৰ বিপৰীতে ইউ পি পি এলয়ে ধুবৰী আৰু বাপেটাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক সহায় কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.