গুৱাহাটী, ২৭ ফেব্ৰুৱাৰীঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ। বুধবাৰে গুৱাহাটীত এক সংবাদ মেলত সাধাৰণ নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে আয়োগে।পেইড নিউজৰ লগতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী খৰচৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব নিৰ্বাচন আয়োগৰ।
লোকসভা নিৰ্বাচনত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগৰ অন্তৰ্গত 'Media Certificate Monitoring Committee'ৰ প্ৰচাৰৰ বাবে ল'ব লাগিব অনুমতি। লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলৰ নিৰ্বাচনী খৰচৰ ওপৰতো দৃষ্টি ৰাখিব নিৰ্বাচন আয়োগে। এইবাৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিত ব্যৱহাৰ কৰা হ'ব ভি ভি পেট মেচিন। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে সাধাৰণ জনতাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে দুটাকৈ ম'বাইল এ'প। চি ভিজিল নামৰ এপটোৰ জৰিয়তে ৰাইজে লোকসভা নিৰ্বাচনক লৈ যিকোনো অভিযোগ দাখিল কৰিব পাৰিব। ভোটাৰ হেল্প লাইন নামৰ এপৰ জৰিয়তেও ৰাইজে চাব পাৰিব ভোটাৰ তালিকাত নিজৰ নাম।