গুৱাহাটী, 3 এপ্ৰিলঃ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ত কোনো ৰাজনৈতিক দলে নিৰ্বাচনত কলা ধন আৰু নিৰ্বাচন আয়োগে নিৰ্ধাৰিত ধনৰ সীমাতকৈ বেছি ধন ব্যৱহাৰ কৰিব নোৱাৰে৷ বুধবাৰে আয়কৰ বিভাগত এখন সংবাদ মেল সম্বোধন কৰি এই বিষয়ে জনায় আয়কৰ অধিকাৰী সঞ্জয় বাহাদুৰে৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে আয়কৰ বিভাগত এই নিৰ্দেশনা জাৰি কৰে ।কোনো প্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত যাতে ধনৰ দুৰ্বব্যহাৰকৰিব নোৱাৰে তাকে লৈ সষ্টম হৈ পৰিছে আয়ককৰ বিভাগৰ এটা বৃহৎ দল। নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগে ১কোটি ৯৬ লাখ টকা জব্দ কৰা বুলিও সংবাদ মেল খনৰ জৰিয়তে জানিবলৈ দিয়ে৷
নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিচৰে পৰা বৃহৎ পৰিমাণৰ নগদ ধন বেংকত জমা হোৱা বুলিও জানিবলৈ দিয়ে ৷সন্দেহযুক্ত ধনৰ লেন-দেন ৰোধ কৰিবলৈ নিৰ্দেশনা জাৰি আয়কৰ বিভাগৰ। যিকোনো বেংক একাউণ্টত যদি 10 লাখতকৈ অধিক ধন জমা কৰা হয় অথবাউলিওৱা ততালিকে আয়কৰ বিভাগত জনাবলৈ নিৰ্দেশ দিয়াৰ লগতেসমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত 200কৈ অধিক এনেধৰণৰ ঘটনাৰ তথ্য ইতিমধ্য পোহৰলৈ আহিছে বুলিও আয়কৰ বিভাগে জনিবলৈ দিয়ে।উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰদেশত সৰ্বাধিক কলা ধনৰ লেন দেনৰ তথ্য মুকলি কৰিছে আয়কৰ বিভাগে।