17 মাৰ্চ, গুৱাহাটীঃ 2019 বৰ্ষৰ নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি? আগন্তুক নিৰ্বাচনত কোনে পিন্ধিব বিজয়ীৰ মুকুট? জ্যোতিষশাস্ত্ৰৰ দ্বাৰা সমীক্ষা চলোৱাৰ পাচত এইবাৰ ৰাজনীতিত কি চলিব এটা চমু বৰ্ণনা দিলে জ্যোতিষী হিতেশ ডেকাই ৷
আগন্তুক লোকসভা নিৰ্বাচনত জ্যোতিষশাস্ত্ৰ অনুসৰি আশানুৰূপ ফল লাভ কৰিব পাৰিব ভাৰতীয় জনতা পাৰ্টীয়ে৷ ইয়াৰ বিপৰীতে বিচৰা ধৰণে ফল পোৱাৰ পৰা বিৰত হ'ব ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ চৰকাৰ ৷ উল্লেখ্য যে, অসমৰ কোনো কোনো জিলাত কংগ্ৰেছে আসন পোৱাটো একপ্ৰকাৰৰ নিশ্চিত বুলিও জনায় জ্যোতিষী হিতেশ ডেকাই৷