ETV Bharat / state

ক'ত হেৰাল চৰকাৰৰ ভাষা ৰক্ষাৰ প্ৰতিশ্ৰুতি : অসমীয়া ভাষা নাজানিলেও চাকৰি পাব দিছপুৰত - vacancy in assam secretariat

যিখন চৰকাৰে দ্বাদশ শ্ৰেণীলৈকে অসমীয়া ভাষা শিকাটো বাধ্যতামূলক কৰিছে, যিখন চৰকাৰে অসমীয়া ভাষা নাজানিলে চৰকাৰী চাকৰি দিয়া নহ’ব বুলি ঘোষণা কৰিছে সেইখন চৰকাৰেই কিন্তু জনতা ভৱনত খালি হৈ থকা ১৭০ পদৰ বাবে গ্ৰহণ কৰিছে বিপৰীত স্থিতি । দিছপুৰত চাকৰি পাবলৈ অসমীয়া ভাষা নাজানিলেও চলিব, যদিহে প্ৰাৰ্থীয়ে বাংলা, বড়ো আৰু ঐচ্ছিক ইংৰাজী জানে ৷

assamese
assamese
author img

By

Published : Jul 26, 2020, 10:46 PM IST

গুৱাহাটী, ২৬ জুলাই : আকৌ এবাৰ পাভলুটি মাৰিলে সততে জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে । মাত্ৰ কিছুদিন পূৰ্বে এইখন চৰকাৰে ঘোষণা কৰিছিল যে অসমত চৰকাৰী চাকৰি পাবলৈ হ'লে অসমীয়া ভাষা জনাটো বাধ্যতামূলক । আনকি যিকোনো চৰকাৰী চাকৰিৰ বাবে হোৱা পৰীক্ষাত অসমীয়া বিষয়ৰ এটা পৰীক্ষাত প্ৰাৰ্থী অৱতীৰ্ণ হ’বই লাগিব । অসমীয়া মানুহে চৰকাৰৰ এনে ভাষাপ্ৰীতি আৰু মাতৃভাষাটোক জীয়াই ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছিল । কিন্তু সেয়া যে চৰকাৰখনৰ কেৱল মুখৰ কথাহে আছিল সেয়া শেহতীয়াকৈ প্ৰমাণিত হৈছে ।

assamese
ক'ত হেৰাল চৰকাৰৰ ভাষা ৰক্ষাৰ প্ৰতিশ্ৰুতি

২৪ জুলাইত সচিবালয় প্ৰশাসন বিভাগে জনতা ভৱনত খালি হৈ থকা মুঠ ১৭০ টা ভিন ভিন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে । এই পদসমূহৰ বাবে হ’বলগীয়া পৰীক্ষাত ভাষাৰ দক্ষতা পৰীক্ষা শিতানত ৫০ নম্বৰ ৰখা হৈছে । ভয়ংকৰ কথাটো হ'ল যিখন চৰকাৰে দ্বাদশ শ্ৰেণীলৈকে অসমীয়া ভাষা শিকাটো বাধ্যতামূলক কৰিছে, যিখন চৰকাৰে অসমীয়া ভাষা নাজানিলে চৰকাৰী চাকৰি দিয়া নহ’ব বুলি ঘোষণা কৰিছে সেইখন চৰকাৰেই কিন্তু এই ১৭০ টা পদৰ বাবে গ্ৰহণ কৰিছে বিপৰীত স্থিতি । ভাষাৰ দক্ষতা শিতানৰ ৫০ নম্বৰৰ পৰীক্ষাটোত কেৱল অসমীয়া ভাষাই ৰখা হোৱা নাই । অসমীয়াৰ লগতে ৰখা হৈছে বাংলা, বড়ো আৰু ঐচ্ছিক ইংৰাজী । অৰ্থাৎ দিছপুৰত চাকৰি পাবলৈ অসমীয়া ভাষা নাজানিলেও চলিব, যদিহে প্ৰাৰ্থীয়ে বাকী তিনিটা ভাষাৰ কোনোবা এটা জানে ।

এফালে বৰঢোল কোবাই খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা, অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা কোৱা এইখন চৰকাৰৰ এনে পৰস্পৰবিৰোধী কাৰ্যই আচলতে চৰকাৰখনৰ আচল ৰূপটোহে উদঙাই দেখুৱাইছে । যদি এয়াই কৰিব লগীয়া আছিল তেন্তে চৰকাৰী চাকৰি লাভ কৰিবলৈ অসমীয়া ভাষা জানিবই লাগিব বা অসমীয়া ভাষাৰ দক্ষতা ৰ ওপৰত এটা পৰীক্ষাত প্ৰাৰ্থী অৱতীৰ্ণ হ’বই লাগিব বুলি মিথ্যাচাৰৰ ঢোল চৰকাৰখনে কিয় কোবাইছিল সেয়াহে গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

লগতে পঢ়ক : বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ "Speak Up For Democracy" অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.