ETV Bharat / state

Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ - War between Russia and Ukraine

ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী (Assamese students in Ukraine) ৷ এই এশগৰাকী শিক্ষাৰ্থীৰ তালিকা ইতিমধ্যে ৰাজ্য চৰকাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে । ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Russia Ukraine crisis
ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ
author img

By

Published : Feb 25, 2022, 3:34 PM IST

গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ইউক্ৰেইনত যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি (Russia Ukraine crisis) হোৱাৰ পিছত দেশখনত আৱদ্ধ হৈ থকা ভাৰতৰ তথা অসমৰ নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসকলক লৈ উদ্বিগ্ন হৈ পৰা দেখা গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটী অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সদৰি কৰা মতে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী ইউক্ৰেইনত আৱদ্ধ হৈ আছে (Assamese students in Ukraine)।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, ৰাজ্য চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীৰ তালিকা প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে জনায় যে, এই সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ সৈতে আলোচনা কৰা হৈছে । ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্ৰীয়ে কয় - “আমি ইউক্ৰেইনত অসমৰ শিক্ষাৰ্থীসকল আবদ্ধ হৈ থকা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও আলোচনা কৰিছো আৰু এই বিষয়ে অৱগত কৰিছো ।” ইতিমধ্যে ৰাছিয়াৰ সম্ভাব্য ইউক্ৰেইন আক্ৰমণৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে ইউক্ৰেইনস্থিত একাংশ শিক্ষাৰ্থী ভাৰতলৈ উভতি আহিছিল । ৰাছিয়াই হঠাৎ ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত দেশখনত আৱদ্ধ হৈ থকা ভাৰতৰ তথা অসমৰ নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসকল ভাৰতলৈ উভতি অহাত যথেষ্ট আহুকালৰ সন্মূখীন হ'বলগীয়া হৈছে । তেওঁলোকৰ মাজত অনিশ্চয়তা আৰু শংকাৰ সৃষ্টি হৈছে । ইপিনে ভাৰতত থকা তেওঁলোকৰ পৰিয়ালবৰ্গ যথেষ্ট উগ্নীনতাৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক: Second day of war: ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিস্ফোৰণৰ শব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.