ETV Bharat / state

মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে - assam govt to take measures for birth of female cattle and buffalo cubs

গো-পালক সকলৰ বাবে ভাল খবৰ ৷ বাজেটত ঘোষণা কৰা অনুসৰি এতিয়াৰে পৰা কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰে গৰু আৰু ম'হৰ ৮০ ৰ পৰা ৯০ শতাংশ মাইকী পোৱালি জন্ম দিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পশুপালন বিভাগে । ছিপাঝাৰৰ বেদখলমুক্ত মাটিত গৰু খুটি স্থাপনৰ বাবে ৯.০৬ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে ।

assam state budget 2021-22 e
গৰু-মহৰ মাইকী পোৱালি জন্ম দিয়াবৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে
author img

By

Published : Jul 16, 2021, 5:38 PM IST

গুৱাহাটী, ১৬ জুলাই: ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰে এটা ঘোষণাই নি:সন্দেহে উপকৃত কৰিব ৰাজ্যৰ গো-পালক সকলক । গো-পালকৰ লগতে পশুধনৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা থলুৱা ব্যৱসায়ী সকলকো চৰকাৰৰ এই নতুন সিদ্ধান্তই উপকৃত কৰিব ।

যি সময়ত ৰাজ্য চৰকাৰখনে বিধানসভাৰ চলিত বাজেট অধিবেশনতে গো সুৰক্ষা বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে তেনে সময়তে আজিৰ বাজেটত গো-ধনক লৈ বিত্তমন্ত্ৰীয়ে কৰা নতুন ঘোষণা তাৎপৰ্যপূৰ্ণ । বাজেটত ঘোষণা কৰা অনুসৰি, এতিয়াৰে পৰা কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰে গৰু আৰু ম'হৰ ৮০ৰ পৰা ৯০ শতাংশ মাইকী পোৱালি জন্ম দিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পশুপালন বিভাগে ।

ইয়াৰ ফলত ৰাজ্যত গাখীৰৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে আৰু গো-পালক সকলো উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । ইয়াৰ বাবে চৰকাৰে ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণুৰ ব্যৱস্থা কৰিব । আনহাতে, বাজেটত কুকুৰা-পালক সকলকো সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে । সেই অনুসৰি, "টেবুল এগ" উৎপাদনৰ ব্যৱস্থা কৰা হ'ব বুলি আজি বাজেটত ঘোষণা কৰা হয় । ছিপাঝাৰৰ বেদখলমুক্ত মাটিত গৰু খুটি স্থাপনৰ বাবে ৯.০৬ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যিক বাজেট2021-22 : LIVE UPDATE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.