ETV Bharat / state

One Family One beneficiary Scheme: ৰাজ্যত গভীৰ অৰ্থনৈতিক সংকট ! বলৱৎ হ'ব 'এক পৰিয়াল এক আঁচনি' - Assam govt Orunodoi scheme

ৰাজ্য চৰকাৰৰ বাবে বুমেৰাং হৈ পৰিছে ভোট বেংক সুৰক্ষিত কৰিবলৈ হিতাধিকাৰী সৃষ্টি কৰা বিনামূলীয়া আঁচনিসমূহ ৷ গভীৰ বিত্তীয় সংকটত ককবকাই থকা হিমন্ত বিশ্ব চৰকাৰে সেয়ে এতিয়া বলৱৎ কৰিব ওলাইছে 'এক পৰিয়াল এক আঁচনি' (Assam govt to implement one family one scheme) । বছৰি ৭,০০০ কোটিৰ সুত ভৰিবলগা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে প্ৰয়োজনীয় পদক্ষেপ ।

Himanta Biswa Sarma
Himanta Biswa Sarma
author img

By

Published : Mar 8, 2023, 4:01 PM IST

গুৱাহাটী, ৮ মাৰ্চ : গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ (Assam government facing deep economic crisis) ! বলৱৎ হ'ব- 'এক পৰিয়াল এক আঁচনি' ৷ অর্থাৎ এজন হিতাধিকাৰী এখন আঁচনি ৷ একেজন হিতাধিকাৰীয়ে নাপাব কেইবাখনো আঁচনিৰ সুবিধা ৷ ৰাজ্য চৰকাৰৰ বাবে বুমেৰাং হৈ পৰিছে ভোট বেংক সুৰক্ষিত ৰক্ষাৰ স্বাৰ্থত জধেমধে ঘোষণা কৰা হিতাধিকাৰী সৃষ্টি কৰা বিনামূলীয়া আঁচনিসমূহ ৷ প্ৰায় ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত ককবকাই থকা ৰাজ্যৰ বিত্ত বিভাগে 'এক পৰিয়াল এক আঁচনি' নীতি বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে (Assam govt to implement one family one scheme) ।

ঋণৰ বোজাৰ বাবেই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে সম্প্ৰতি বছৰি ৭,০০০ কোটি টকাৰ সুত ভৰিবলগা হৈছে । কেগৰ তৰফৰপৰা বাৰম্বাৰ অনুৎপাদনমূলক হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষৰ ধনৰ শৰাধ নকৰিবলৈ সকীয়নি দি থকা হৈছে (Himanta Biswa Sarma led BJP govt) ৷ তাৰ পাছতো ৰাজ্য চৰকাৰে মনা নাই এই সকীয়নি । ফলস্বৰূপে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা দিনকদিনে শোচনীয় হৈ পৰিছে । এনে সময়তে বিত্ত বিভাগে বলৱতৰ সিদ্ধান্ত লৈছে- 'এক পৰিয়াল এক আঁচনি' নীতি (Assam govt one family one beneficiary scheme) ৷

ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰে যোৱা ১ মাৰ্চত জাৰি কৰিছে এক কাৰ্যালয় স্মাৰক ৷ য'ত দীনদয়াল দিব্যাংগ আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি দুখন অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত ৷ ইয়াৰ ফলত একোগৰাকী হিতাধিকাৰীয়ে একে সময়তে দুই-তিনিখনকৈ আঁচনিৰ সুবিধা লোৱাটোও অন্ত পৰিল । উল্লেখ্য, জিলা উপায়ুক্তৰ নেতৃত্বত গঠিত জিলা পৰ্যায়ৰ পুনৰীক্ষণ কমিটী আৰু মহকুমাধিপতিসকলক লৈ মহকুমা পৰ্যায়ৰ পুনৰীক্ষণ কমিটীৰ পৰীক্ষাকালত হিতাধিকাৰী আঁচনিসমূহক লৈ বিভিন্ন বিসংগতি ধৰা পৰিছে ।

বিত্ত বিভাগৰ কাৰ্যালয় স্মাৰক জাৰি
বিত্ত বিভাগৰ কাৰ্যালয় স্মাৰক জাৰি

বিশেষকৈ অৰুণোদয় (Assam govt Orunodoi scheme), দীনদয়াল দিব্যাংগ যোজনা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন (Indira Miri Widow pension scheme) আঁচনি পুনৰীক্ষণ প্ৰক্ৰিয়াতে ধৰা পৰিছে অনেক বিসংগতি । জিলা উপায়ুক্তসকলে সেই তথ্যসমূহ বিত্ত বিভাগৰ ওচৰত দাখিল কৰাৰ পাছতেই ৰাজ্য চৰকাৰে লৈছে কঠোৰ স্থিতি । ইতিমধ্যে কেবিনেটে দীনদয়াল দিব্যাংগ যোজনা আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে ।

সেই অনুসৰি, বিত্ত বিভাগৰ তৰফৰপৰা কাৰ্যালয় স্মাৰক জাৰি কৰি জিলা উপায়ুক্তসকলক দুয়োখন আঁচনিৰ হিতাধিকাৰীক অৰুণোদয়ত চামিলকৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । ইপিনে বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি, অৰুণোদয়, দীনদয়াল দিব্যাংগ যোজনা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ পুনৰীক্ষণ তথা একেলগ কৰাৰ পাছত যিসংখ্যক অতিৰিক্ত কোটা ওলাব, তাতহে কঠোৰ নীতি-নিৰ্দেশনা মানি নতুন তথা অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্তিৰ তালিকা চূড়ান্ত কৰিব পাৰিব ।

গুৰুত্বপূৰ্ণ কথা এয়ে যে গভীৰ বিত্তীয় সংকটে জুৰুলা কৰা ৰাজ্যখনত ৰাজকোষৰ ওপৰত পৰা গধুৰ বোজা লাঘৱ কৰাৰ বাবেই ৰাজ্য চৰকাৰে 'এক পৰিয়াল এক আঁচনি'ৰ নামত হিতাধিকাৰী আঁচনিসমূহ হ্ৰাস কৰিবলৈ যে ওলাইছে সেয়া নিশ্চিত হৈ পৰিছে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে হিতাধিকাৰী আঁচনিৰে উন্নয়নৰ গংগা বোওৱা বুলি দাবী কৰি আহিছে ৷ বিপৰীতে তেনে সময়তে ঋণত ডুব গৈ বিত্তীয় সংকটত পৰি বাধ্য হৈ 'এক পৰিয়াল এক আঁচনি ' নীতি বলৱৎ কৰিবলৈ লোৱাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :PM Modi holds meeting with Assam cabinet: কইনাধৰাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.