ETV Bharat / state

Assam govt post abolishment: অপ্রয়োজনীয় পদৰ তালিকা বিচাৰি প্ৰতিটো বিভাগলৈ বিত্ত বিভাগৰ জৰুৰী নিৰ্দেশনা পত্ৰ - বিত্ত বিভাগ

আৰম্ভ হ'ল পদ বিলুপ্তকৰণ প্ৰক্ৰিয়া ৷ ৰাজ্য প্ৰশাসনত ই-অফিচ কাৰ্যকৰী কৰাৰ নামত চৰকাৰী বিভিন্ন বিভাগত বিষয়া-কৰ্মচাৰীৰ পদ বিলুপ্তকৰণত চৰকাৰৰ তৎপৰতা ৷ খালী পদৰ তালিকা বিচাৰি জৰুৰী নিৰ্দেশ বিত্ত বিভাগৰ । ৩০ জুলাইৰ ভিতৰত প্ৰতিটো বিভাগে খালী হৈ থকা পদ আৰু অপ্ৰয়োজনীয় পদৰ তালিকা দাখিল কৰিব লাগিব বিত্ত বিভাগক ।

Assam govt post demolish
Assam govt post demolish
author img

By

Published : Jul 27, 2023, 6:48 PM IST

Assam govt post demolish
আৰম্ভ হ'ল পদ বিলুপ্তকৰণ প্ৰক্ৰিয়া

গুৱাহাটী, ২৭ জুলাই: এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত অগ্ৰসৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ এবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰতি দুবছৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে চৰকাৰখনে কিন্তু লক্ষ্যত উপনীত হোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Assam govt post demolish
অপ্রয়োজনীয় পদৰ তালিকা বিচাৰি প্ৰতিটো বিভাগলৈ বিত্ত বিভাগৰ জৰুৰী নিৰ্দেশনা পত্ৰ

কিন্তু চৰকাৰখনে এই প্ৰচেষ্টাৰ মাজতে আৰ্থিক বোজা লাঘৱ কৰাৰ বাবে ৰাজ্য প্ৰশাসনত ই-অফিচ কাৰ্যকৰী কৰাৰ নামত চৰকাৰী বিভিন্ন বিভাগত বিষয়া-কৰ্মচাৰীৰ পদ বিলুপ্তকৰণ কৰাৰ দিশতো অগ্ৰসৰ হৈছে । এফালে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব আৰু আনফালে পদৰ বিলুপ্তি ঘটাব ।

পদৰ বিলুপ্তি ঘটাবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে দিছপুৰ । ইতিমধ্যে কৰ্মচাৰী বিভাগে ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ বিষয়া-কৰ্মচাৰীৰ পদ বিলুপ্তকৰণৰ বাবে এক অফিচ মেম'ৰেণ্ডাম প্ৰকাশ কৰাৰ পিচত ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী বিভিন্ন বিভাগত খালী হৈ থকা অপ্ৰয়োজনীয় পদৰ তালিকা বিচাৰি প্ৰতিটো বিভাগলৈ জৰুৰী নিৰ্দেশনাপত্ৰ প্ৰেৰণ কৰিছে ।

সেই নিৰ্দেশনাপত্ৰৰ লগত এক নিৰ্দিষ্ট প্ৰ-পত্ৰও সংলগ্ন কৰি দিয়া হৈছে । য'ত বিভাগসমূহে খালী তথা অপ্ৰয়োজনীয় পদৰ তথ্য দাখিল কৰিব লাগিব । তাৰ ভিত্তিতেই বিত্ত বিভাগে অপ্ৰয়োজনীয় তথা অলাগতিয়াল বুলি বিবেচনা কৰাসকলো খালী পদৰ বিলুপ্তি ঘটাব । অৰ্থাৎ চৰকাৰে আৰম্ভ কৰিলে পদ বিলুপ্তকৰণৰ প্ৰক্ৰিয়া ।

লক্ষণীয় বিষয় যে পূৰ্বে বিত্ত বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে ২০১৯-২০ বৰ্ষৰ আগৰে পৰা খালী হৈ থকা অপ্ৰয়োজনীয় পদবোৰ বিলুপ্তকৰণৰ সিদ্ধান্ত লৈছিল । কিন্তু এইবাৰ চলিত বিত্তীয় বৰ্ষলৈ সামৰি খালী পদসমূহৰ তালিকা বিভাগসমূহৰ পৰা বিচাৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বৃহৎসংখ্যক পদ বিলুপ্ত হোৱাটো নিশ্চিত । এফালে এক লাখ নিযুক্তিৰ চমক আৰু আনফালে পদৰ বিলুপ্তি সাধন ।

ইয়াৰ দ্বাৰা নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ এই সমস্যা আৰু অধিক প্ৰকট হৈ পৰিব সেয়া নিশ্চিত । ইফালে চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আত্মসংস্থাপনৰ নামত এক লাখ নিবনুৱাক দুই লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য ক্ৰমবৰ্ধিত ঋণৰ বোজাৰ বিপৰীতে কৰ্মচাৰীৰ দা-দৰমহাৰ নামত বুজন পৰিমাণৰ পুঁজি ব্যয় হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰা বাচিবলৈ চৰকাৰে ৫০ শতাংশ পদ বিলুপ্তকৰণৰ সিদ্ধান্ত লৈছে । বৰ্তমান সময়ত ৰাজকোষ উদং হৈ পৰিছে আৰু চৰকাৰৰ বিত্তীয় অৱস্থা শোচনীয় হৈ পৰিছে । সেই কথা এতিয়া লুকাই থকা নাই ।

উল্লেখ্য যে বিত্ত বিভাগৰ কৰ্মচাৰী পৰিদৰ্শন গোটটোৱে প্ৰতিটো বিভাগৰ দায়িত্বত থকা জ্যেষ্ঠ সচিবলৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিভাগসমূহত কিমান পদ চলিত বছৰলৈকে খালী হৈ পৰি আছে, কিমান পদ অপ্ৰয়োজনীয়, ইয়াৰ ভিতৰত কিমান চতুৰ্থবৰ্গ আৰু তৃতীয়বৰ্গৰ পদ, অপ্ৰয়োজনীয় বা খালী হৈ থকা পদৰ নাম আদিৰ সবিশেষ তথ্য ৩০ জুলাইৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

লক্ষণীয় বিষয় যে অসম সচিবালয়কে ধৰি জিলা পৰ্যায়ৰ সকলো কাৰ্যালয়ত অৰ্থাৎ ৰাজ্য প্ৰশাসনৰ প্ৰতিটো বিভাগৰ কাম-কাজ ডিজিটেল মাধ্যমেৰে কৰিলে চতুর্থবৰ্গ আৰু তৃতীয়বৰ্গকে ধৰি চৰকাৰী বহুসংখ্যক পদৰ কাম নাইকিয়া হ’ব । চৰকাৰে পৰ্যায়ক্ৰমে তেনে অপ্ৰয়োজনীয় পদসমূহ বিলুপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । চৰকাৰী এই ব্যৱস্থাই অসমত নিবনুৱা সমস্যাক আৰু অধিক জটিল কৰি তোলিব সেয়া নিশ্চিত ।

লগতে পঢ়ক: Assam Rehabilitation Center: বাধ্যতামূলক হ'ব ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহৰ পঞ্জীয়ন; পীযুষ হাজৰীকাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.