গুৱাহাটী,৫ জানুৱাৰী: এতিয়াৰে পৰা প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অসমৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সকলো সেৱা বিনামূল্যে লাভ কৰিব(Free treatment for ex army) । নগদবিহীন আৰু ব্যয়ৰ সীমাবিহীন ভাৱে প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে লাভ কৰিব মেডিকেল কলেজৰ সকলো চিকিৎসা সুবিধা ।
এই সন্দৰ্ভত বৃহস্পতিবাৰে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ(Assam Cancer Care Foundation) অধীনৰ ৮খন চিকিৎসা মহাবিদ্যালয় আৰু সকলো কেন্সাৰ কেয়াৰ হাস্পতালত সকলো ধৰণৰ চিকিৎসা সেৱা উপলব্ধতাৰ হেতুকে গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰ (ই চি এইচ এছ) তথা প্ৰাক্তন সৈনিকৰ অৱদানকাৰী স্বাস্থ্য সেৱাৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে(Free treatment for retired army soldiers in Assam) ।
![MOU Signed by CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-cm-attend-mou-signing-programme-of-regional-centre-and-assam-govt-7209925_05012023213053_0501f_1672934453_391.jpg)
এই চুক্তিৰ জৰিয়তে প্ৰাক্তন সৈনিকসকলে ঘৰৰ সমীপতে নগদবিহীন উচ্চ মানৰ চিকিৎসা সেৱা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব । বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত দুয়োপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) কয় যে, ‘‘মাতৃভূমিৰ প্ৰতি জীৱন উৎসৰ্গা কৰা দেশৰ সৈনিকসকলৰ প্ৰতি আমাৰ চৰকাৰে সদায় সন্মান প্ৰদৰ্শন কৰি আহিছে ।’’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘এই আঁচনিৰ যোগেদি ভাৰতীয় সেনাৰ প্ৰাক্তন সেনা জোৱানসকলৰ(Retired Army soldiers) লগতে তেওঁলোকৰ পৰিয়াল উপকৃত হ’ব । ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো ধৰণৰ ৰোগৰ চিকিৎসা কৰিব পাৰিব এই আঁচনিৰ যোগেদি ।’’
লগতে কয় যে, ‘‘চিকিৎসা গ্ৰহণৰ সময়ত কোনো প্ৰাক্তন সেনা জোৱানৰ পৰা কোনো ধৰণৰ অভিযোগ পালে তাৎক্ষণিক ভাবে ইয়াৰ ব্যৱস্থা লোৱা হ’ব ।’’ ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষক ইয়াৰ বাবে সতৰ্ক হোৱাৰ বাবে আহ্বান জনায় ।
এই আঁচনিৰ অন্তৰ্ভুক্ত ৰোগীসকলক সাধাৰণ ৰোগীক কৰা চিকিৎসা পদ্ধতিৰ পৰিৱৰ্তে এগৰাকী অতিথিৰ দৰে ব্যৱহাৰ কৰিবলৈ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষকো আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ । প্ৰাক্তন সেনা জোৱানৰ সন্তানসকলৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহৰ উপৰিও ইঞ্জিনিয়াৰিং,পশু চিকিৎসা বিভাগ আদিতো আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Special reservation for Retired Army soldiers) ।
ভাৰতীয় সেনাৰ সহযোগত নাৰেংগীত এখন উন্নত মানৰ গ’ল্ফ ফিল্ড গঢ়ি তোলাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে’ ‘‘শেহতীয়াকৈ বিধানসভাৰ অধিৱেশনত এখন বিশেষ বিধেয়ক গৃহীত হৈছে । এই বিধেয়কৰ যোগেদি প্ৰাক্তন সেনা জোৱানৰ সন্তান সকলৰ বাবে অসম চৰকাৰৰ যিকোনো পদৰ বাবে ২ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্যপালৰ অনুমোদন প্ৰক্ৰিয়া সমাপ্ত হ’লে ৩০-৪৫ দিনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা হ'ব ।’’
অনুষ্ঠানত জি অ’ চি-ইন চীফ ইষ্টাৰ্ন কমাণ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই(Rana Pratap Kalita) মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি কয় যে, ‘‘এই চুক্তিৰ যোগেদি প্ৰাক্তন সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ'ব ।’’ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষকে ধৰি সেনা বাহিনীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: Detonator blast in Bhalukpung : শোণিতপুৰৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণ