ETV Bharat / state

Assam govt Sign MoU With JNU : JNU ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ

author img

By

Published : May 18, 2023, 10:52 PM IST

বৃহস্পতিবাৰে গুৱাহাটীত অসম চৰকাৰ আৰু নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় (Assam govt Sign MoU With JNU To Establish Sankardev Chair) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতৰ উপস্থিতিত স্বাক্ষৰিত কৰা হয় এই বুজাবুজিৰ চুক্তি ।

Assam govt Sign MoU With JNU To Establish Sankardev Chair
কাৰ্ল মাৰ্ক্সে শংকৰদেৱকহে অনুসৰণ কৰিছিল : মুখ্যমন্ত্ৰী

গুৱাহাটী, 18 মে’ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সংস্কৃত আৰু প্ৰাচ্যবিদ্যা অধ্যয়ন প্ৰতিষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (Establish Sankardev Chair at JNU) ।

বৃহস্পতিবাৰে গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয় (Assam govt Sign MoU With JNU To Establish Sankardev Chair) ।

এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা দুবছৰৰ পৰা অসম চৰকাৰে অসমৰ মহান ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াস কৰি থকা হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দৰে বিশ্বমানৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিব পৰাতো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় । এই আসন প্ৰতিষ্ঠা কৰাৰ বাবে অসম চৰকাৰে এইবছৰ 10 কোটি টকা এককালীন অনুদান আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে ।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যাতে শ্ৰীমন্ত শংকৰদেৱৰ গৱেষণা আৰু অধ্যয়ন অব্যাহত থাকে তাৰ বাবে অসম চৰকাৰে সহযোগিতা কৰি থাকিব । এই আসন প্ৰতিষ্ঠাৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ চৰ্চা আৰু গৱেষণাৰ পথ প্ৰশস্ত হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ৷

সাম্প্ৰতিক ভাৰতীয় সমাজ ব্যৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা আৰু তেৰাৰ ভক্তি আন্দোলনৰ অধ্যয়ন, শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ, আই পদ্মপ্ৰিয়া, আই কনকলতা প্ৰভৃতিসকলৰ জীৱন আৰু কৰ্মৰাজি অধ্যয়ন, অসম তথা ভাৰতীয় ভক্তি আন্দোলন, ইয়াৰ ইতিহাস, সাংগঠনিক ৰূপ, সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশৰ লগতে ব্ৰজাৱলী ভাষা আদি বিষয়ত গৱেষণাৰ সন্মানীয় উপাধি আৰু গৱেষণাৰ ব্যৱস্থা আদি সামৰি লোৱা‌ হ’ব ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভক্তিবাদ আৰু ভক্তি আন্দোলনৰ বিষয়ে আলোচনা কৰি কয় যে শংকৰদেৱে সাম্যবাদী গণতান্ত্ৰিক এক সমাজ গঢ়া চেষ্টা কৰিছিল । সেয়া কাৰ্ল মাৰ্ক্সৰ সাম্যবাদ নহয় । কাৰণ কাৰ্ল মাৰ্ক্সৰ আগতে শংকৰদেৱ সাম্যবাদৰ কথা কৈছিল ।

গতিকে কাৰ্ল মাৰ্ক্সে শংকৰদেৱকহে অনুসৰণ কৰিছিল । অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে ভাষণ দিয়ে ।

লগতে পঢ়ক : National Ayush Mission Conclave in Delhi : দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত আয়োজন নেছনেল আয়ুষ মিছন কনক্লেভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.