গুৱাহাটী, ২২ মাৰ্চঃ কৰ'নাৰ আতংকই শেহতীয়াকৈ সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে এক নতুন ব্যৱস্থা আৰম্ভ কৰিছে । শিক্ষক সকললৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰেৰণ কৰিছে শিক্ষা বিভাগে ৷
ইতিমধ্যে ৰাজ্যৰ সকলো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুৰব্বী শিক্ষকসকললৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে দিছপুৰৰ পৰা । নিৰ্দেশ অনুসৰি প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ মোবাইল নম্বৰ সমূহ সংগ্ৰহ কৰি একো একোটা হোৱাটচএপ গ্পৰু গঠন কৰিবলৈ কোৱা হৈছে । যিহেতু দীঘলীয়া সময়ৰ বাবে বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰা হৈছে গতিকে এই গ্ৰুপসমূহৰ মাধ্যমেৰেই সংশ্লিষ্ট বিষয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে শিক্ষাৰ্থীসকলক পাঠদান আৰু হোমৱৰ্ক দিব লাগিব । হোমৱৰ্কসমূহ পুণৰ সেই গ্ৰুপতেই জমা দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে । প্ৰতিদিনে পুৱা সাত বজাৰ পৰা ন বজালৈ আৰু সন্ধিয়া সাত বজাৰ পৰা ন বজালৈ এইদৰে হোৱাটচএপ গ্ৰুপত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে । যিসকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ স্মাৰ্টফোন নাই তেওঁলোকে ওচৰ চুবুৰীয়া কাৰোবাৰ নম্বৰো গ্ৰুপত অন্তৰ্ভুক্ত কৰি এই ব্যৱস্থাত অন্তৰ্ভুক্ত হব পাৰিব ।