ETV Bharat / state

Assam Excise Revenue : তেল-কয়লাৰ ৰয়েল্টীৰ সমানে সমানে বাঢ়িছে সুৰাৰ ৰাজহ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 3:37 PM IST

সুৰাৰ ৰাজহ বৃদ্ধিয়ে উৎসাহিত কৰিছে অসম চৰকাৰক । গাঁৱে-নগৰে দেশত নিৰ্মিত বিদেশী সুৰা সহজলভ্য কৰাৰ বাবে নতুনকৈ ২৩২ খন সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ সাজু ৰাজ্য চৰকাৰ । ৰাজ্য চৰকাৰৰ বাবে পৰিবহণ আৰু আবকাৰী এই দুয়োটা খণ্ডই ৰাজহ সংগ্ৰহৰ মূল উৎস হিচাবে পৰিগণিত হৈছে । ৰাজ্যত থকা সুৰাৰ দোকান আৰু বাৰৰ মুঠ সংখ্যা ২৬৪৪ খন । নতুনকৈ ২৩২ খন সুৰাৰ বিপণি খুলিবলৈ অনুমতি দিয়াৰ পাচত ইয়াৰ সংখ্যা বৃদ্ধি পাব ২৮৭৬ খনলৈ ।

Assam Excise Revenue
তেল-কয়লাৰ ৰয়েল্টীৰ সমানে সমানে বাঢ়িছে সুৰাৰ ৰাজহ

গুৱাহাটী, ২ নবেম্বৰ : ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যবাসীৰ ওপৰত ধাৰৰ বোজা জাপি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমান সময়ত আবকাৰী ৰাজহৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দিছে । অৱশ্যে এইক্ষেত্ৰত সুৰাপায়ীসকলেও চৰকাৰখনক বিশেষভাৱে উৎসাহিত কৰিছে । কাৰণ সুৰাৰ বিক্ৰী ক্ৰমাগতভাৱে ঊৰ্দ্ধমুখী হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ইয়াক আৰু অধিক সহজলভ্য কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । যাতে বিক্ৰী বৃদ্ধি হয় আৰু ৰাজহৰ পৰিমাণ বৃদ্ধি পায় ।

উল্লেখ্য, শেহতীয়া শাৰদীয় দুৰ্গোৎসৱৰ তিনিদিনত গুৱাহাটী মহানগৰীতে বিক্ৰী হয় অভিলেখ ২২.৫ কোটি টকাৰ সুৰা । উৎসৱ-পাৰ্ৱনৰ সময়ত ৰাজ্যখনত প্ৰত্যেক বছৰেই সুৰাৰ বিক্ৰী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । যাৰ বাবেই চৰকাৰে ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যত সুৰাৰ বন্যা বোৱাব বিচাৰিছে । গাঁৱে-নগৰে দেশত নিৰ্মিত বিদেশী সুৰা যাতে সহজলভ্য হৈ পৰে তাৰ বাবে নতুনকৈ ২৩২ খন সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে ।

লক্ষ্যণীয় বিষয় যে খনিজাত সামগ্ৰীৰ পৰা সংগ্ৰহ কৰা ৰয়েল্টীৰ প্ৰায় সমানে সমানে সুৰাৰ পৰা সংগৃহীত মূল্য সংযোজিত কৰ আৰু আবকাৰী ৰাজহৰ পৰিমাণ বৃদ্ধি হৈছে । ৰাজ্য চৰকাৰৰ বাবে পৰিবহণ আৰু আবকাৰী এই দুয়োটা খণ্ডই ৰাজহ সংগ্ৰহৰ মূল উৎস হিচাবে পৰিগণিত হৈ পৰিছে ।

সুৰা বিক্ৰী কৰি কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখিয়েই ৰাজ্য চৰকাৰে নগৰাঞ্চলত নতুনকৈ ১৭২ খন আৰু গ্ৰামাঞ্চলত ৬০ সুৰাৰ বিপণি খোলাৰ অনুমতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ্য যে ৰাজ্যত বর্তমানে মুঠ ২৬৪৪ খন সুৰাৰ বিপণি আছে । এই বিপণিসমূহত বিক্ৰী হোৱা সুৰাৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত আবকাৰী শুল্ক ২৫১৯.৬৭ কোটিকে ধৰি ভেট ১৫০৪.৮১ কোটি টকা সংগ্ৰহ হৈছে । অৰ্থাৎ মুঠ ৪০২৪.৪৮ কোটি টকা সংগ্ৰহ হৈছে । কিন্তু ইয়াৰ বিপৰীতে খনিজাত সামগ্ৰী খাৰুৱা তেলৰ ৰয়েল্টীৰ পৰা বৰ্ষটোত সংগ্ৰহ হৈছে ৪০৮৮ কোটি টকা ।

খনি আৰু খনিজাত সঞ্চালকালয়ৰ তথ্য অনুসৰি কয়লাৰ পৰা যোৱা বিত্তীয় বছৰটোত মাত্ৰ ২৫.৪৯ কোটি, চূণশিল আৰু অন্যান্য খনিজ পদাৰ্থৰ পৰা ৰয়েল্টী ৭.০২ কোটি টকা সংগ্ৰহ হৈছিল । অৰ্থাৎ এটা সময়ত ৰাজ্যৰ অৰ্থনীতি ৰয়েল্টীৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও এতিয়া সুৰাৰ পৰা সংগৃহীত ৰাজহৰ ওপৰতহে অর্থনীতি নির্ভৰশীল হ'বলগীয়া হৈছে । সুৰাৰ পৰা সংগৃহীত ৰাজহে ৰাজ্যৰ অৰ্থনীতিত বৃহৎ অৰিহণা যোগোৱাৰ বাবে গাঁৱে-নগৰে চৰকাৰে হাতখুলি সুৰাৰ বিপণিৰ অনুমতি দিবলৈ ওলাইছে ।

বর্তমান ৰাজ্যত থকা সুৰাৰ দোকান আৰু বাৰৰ মুঠ সংখ্যা ২৬৪৪ খন । নতুনকৈ ২৩২ খন সুৰাৰ বিপণি খুলিবলৈ অনুমতি দিয়াৰ পাচত ইয়াৰ সংখ্যা বৃদ্ধি পাব ২৮৭৬ খনলৈ । খাৰুৱা তেলকে ধৰি অন্যান্য খনিজাত সামগ্ৰীৰ পৰা সংগৃহীত ৰয়েল্টীৰ তুলনাত সুৰাৰ বিক্ৰীৰ পৰা সংগৃহীত ৰাজহে চৰকাৰৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চুকে-কোণে যাতে সুৰা সহজলভ্য হৈ পৰে তাৰ বাবে চৰকাৰে নতুনকৈ সুৰাৰ দোকান খোলাৰ ব্যৱস্থা কৰিছে ।

লক্ষ্যণীয় বিষয় যে সততে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সুৰাপ্ৰীতিয়ে চূড়ান্ত ৰূপ লাভ কৰিছে । ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰা ২০২২ চনলৈ অসমত ৭৫৭ খন মদৰ দোকান আৰু 'বাৰ'ৰ অনুমতি প্ৰদান কৰা হ'ল । তাৰে ৩৯০ খন বাৰ, ১৪ খন বিলাতী সুৰাৰ দোকান, ৩৫৩ খন দেশীয় সুৰাৰ দোকান ।

তাৰোপৰি বিগত ৭ বছৰত গ্ৰাম্য অঞ্চলৰ ৪০৮ খন 'বাৰ' বিলাতী সুৰাৰ দোকানলৈ ৰূপান্তৰিত কৰা হ'ল । এতিয়া সেই সংখ্যা আৰু অধিক বৃদ্ধি কৰি ৰাজহ লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । সামাজিক প্ৰেক্ষাপটত ইয়াৰ কি প্ৰভাৱ পৰিব তাক লৈ চৰকাৰৰ কোনোধৰণৰ কাণ-সাৰ নাই ।

লগতে পঢ়ক : Assam Secretariat : সচিবালয়ত আজিৰে পৰা প্ৰযোজ্য হ'ল ফেচ ৰিক’গনাইজড এটেনডেন্স চিষ্টেম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.