ETV Bharat / state

Assam Cabinet Decision : বাল্য বিবাহ বন্ধৰ লগতে অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

author img

By

Published : Jan 23, 2023, 9:03 PM IST

সোমবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam Cabinet Meeting)৷ বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ডাঃ ৰণোজ পেগুৱে ৷

Assam Cabinet Decision
কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, 23 জানুৱাৰী : সোমবাৰে দিছপুৰস্থিত জনতা ভৱনত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় (Assam Cabinet Meeting)। বৈঠকত আৰক্ষী কৰ্মীৰ বীৰত্বক স্বীকৃতি, বাল্য বিবাহ প্ৰতিৰোধ, আই টি আইৰ সুবিধা সম্প্ৰসাৰণ, জে এন ইউত শ্ৰীমন্ত শংকৰদেৱ আসন, ক্ৰীড়া আন্তঃগাঁথনিৰ সুৰক্ষা, অসম মালাৰ প্ৰাক আৰু পূৰ্বৱৰ্তী নিৰ্মাণকাৰ্যকে ধৰি কেবাটাও বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

জনতা ভৱনত (Janata Bhawan) অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী ৰণোজ পেগুৱে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তবোৰ সদৰী কৰে । অসম আৰক্ষীৰ নিৰস্ত্ৰ শাখা আৰু সশস্ত্ৰ শাখাৰ কৰ্তব্যৰত অৱস্থাত চিৰদিনলৈ আঘাতপ্ৰাপ্ত (বোমা বা গুলীৰ আঘাতেৰে) অ-ৰাজপত্ৰিত আৰক্ষী কর্মীসকলক পদোন্নতিৰ বাবে বাধ্যতামূলক প্ৰি-প্ৰমোচন কেডাৰ পাঠ্যক্ৰমৰ পৰা ৰেহাই, এনে অ-ৰাজপত্ৰিত আৰক্ষী কৰ্মীৰ পদোন্নতি কার্যকৰী কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক ক্ষমতা প্ৰদানৰ হেতু কাৰ্যালয় স্মাৰকপত্ৰত অনুমোদন দিয়া হয় ।

উল্লেখযোগ্য যে, এই পদক্ষেপৰ জৰিয়তে আঘাতপ্ৰাপ্ত অ-ৰাজপত্ৰিত আৰক্ষী জোৱানসকলে পদোন্নতি লাভৰ সুযোগ পাব । নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসৱজনিত মৃত্যুৰ হাৰ হ্ৰাসৰ লগতে গ্ৰামাঞ্চলত বাল্যবিবাহ ৰোধ কৰিবলৈ বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ (Child Marriage Restraint Act)ৰ অধীনত ২,১৯৭ গাঁও পঞ্চায়ত সচিবক ‘বাল্য বিবাহ প্ৰতিৰোধ (নিষেধাজ্ঞা) বিষয়া' হিচাবে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই বিষয়াসকলে কইনাৰ বয়স ১৪ বছৰৰ তলৰ ক্ষেত্ৰত POCSO আইনৰ অধীনত আৰু কইনাৰ বয়স ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব পাৰিব (Child marriage in Assam)। এই ক্ষেত্ৰত ৰাজ্যজুৰি অসম আৰক্ষীৰ জৰিয়তে শীঘ্ৰেই বৃহৎ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অসমত দক্ষতামূলক কাৰ্যসূচীসমূহৰ সমন্বয় সংস্থা হিচাপে অসম দক্ষতা বিকাশ অভিযানৰ (Assam Skill Development Mission) সৈতে দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ একত্ৰীকৰণৰ বাবে এক উমৈহতীয়া মঞ্চ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসমৰ বিভিন্ন ঠাইত পি পি পি মোডত আই টি আই স্থাপনৰ বাবে চৰকাৰী ভূমি/অব্যৱহৃত ভৱনৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ব্যক্তিগত আৰু চৰকাৰী অধীনত থকা আই টি আইৰ শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তি মাচুলৰ সমৰ্থন হিচাপে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন গ্ৰাম্য আঁচনিৰ অধীনত জলপানিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আজিৰ কেবিনেটত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ বাবে অসম চৰকাৰে 10 কোটি টকা আগবঢ়াব । আনুমানিক ২৩.৭৮ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী আৰু যোৰহাটত উচ্চ প্ৰদর্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । প্ৰতিটো কেন্দ্ৰৰ বাৰ্ষিক কাৰ্যকৰী খৰচ হ'ৰ প্ৰায় ২.৪৯ কোটি টকা নিৰ্ধাৰণ কৰা হয় ।

বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত মাষ্টাৰৰোল/ অনিয়মিত আৰু একে শ্ৰেণীৰ কৰ্মচাৰীসকলৰ দৰমহা ৩% বাৰ্ষিক বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ বাবে প্ৰাথমিক বিদ্যালয় প্ৰকল্পৰ অতিৰিক্ত আন্তঃগাঁথনিৰ বাবে নাবাৰ্ডৰ পৰা RIDF-XXVIII ৰ অধীনত অনুমোদিত ১,৬৩১ টা প্ৰকল্পৰ বাবে ১০১ কোটি টকাৰ ঋণ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ।

অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত আনুমানিক ১০০ কোটি টকা ব্যয়সাপেক্ষ ১,৫৭৩ টা অতিৰিক্ত শ্ৰেণীকোঠা আৰু ৯৮.৮ লাখ টকা ব্যয় সাপেক্ষ ল'ৰাৰ ৫৮টা শৌচাগাৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । গুণোৎসৱ ২০২২ত গ্ৰেড এ+ প্ৰাপ্ত অসম সৰ্বশিক্ষা অভিযান আৰু ৰাজ্যিক পুল শিক্ষকৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰদৰ্শন ভিত্তিত নিয়মীয়াকৰণত অনুমোদন আৰু গুণোৎসৱ ২০২২ৰ পৰা ক্ৰমাগত ২ বছৰলৈ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: Child marriage in Assam: ৰাজ্যত এইবাৰ বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান; ধৰা পৰিলেই জে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.