গুৱাহাটী, ৭ চেপ্টেম্বৰ: দুই তিনি দিনত অসমীয়া মুছলমান লোকৰ বৃহৎ দাবী পূৰণ হ’ব । প্ৰায় ৪০ লাখ গৰীয়া, মৰিয়া, দেশী-জোলহা আদি থলুৱা মুছলমানৰ বাবে হ’ব বৃহৎ চৰকাৰী ঘোষণা । খিলঞ্জীয়া অসমীয়া মুছলমানৰ বাবে চৰকাৰে ঘোষণা কৰিব সুকীয়া সঞ্চালকালয় ।
বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে পদ্মশ্ৰী ইলিয়াছ আলী আৰু জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে । উল্লেখ্য যে সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদৰ সহযোগত পদ্মশ্ৰী ইলিয়াছ আলী আৰু জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীক ।
খিলঞ্জীয়া অসমীয়া মুছলমানৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে দিছিল স্মাৰক পত্ৰ ৷ স্মাৰক পত্ৰ দিয়া হৈছিল গৰীয়া মৰিয়া দেশী-জোলহা আদি থলুৱা মুছলমান লোকৰ পিয়ল কৰাৰ দাবী ৷ লগতে গৰীয়া মৰিয়া দেশী-জোলহাসকলৰ OBC ৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছিল ৷
পিয়ল সম্পন্ন হোৱাৰ পাছতে সুকীয়া সঞ্চালকালয় হ’ব লাগে বুলিও দাবী জনাইছিল । এই দাবীৰ ভিত্তিত থলুৱা মুছলমানৰ বাবে দুই এদিনতে চৰকাৰে ঘোষণা কৰিব পাৰে সুকীয়া সঞ্চালকালয়ৰ । ইতিমধ্যে চৰকাৰে তৈয়াৰ কৰিছে কেবিনেট স্মাৰকপত্ৰ ।
এই কথা অৱগত কৰি ডাক্তৰ ইলিয়াছ আলি আৰু নেকিবুৰ জামানে সম্বোধন কৰা সংবাদমেলত পূৰ্ববংগীয় মুছলমানৰ বাবে থলুৱা মুছমানে ভুগি থকা সমস্যা সন্দৰ্ভত মন্তব্য আগবঢ়াই । নেকিবুৰ জামানে কয় যে মুছলমানসকল অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছিল বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ বাবে । পূৰ্ববংগীয় মুছলমানৰ বাবে অসমীয়া মুছলমানসকলে চৰকাৰী সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আহিছে । অসমীয়া থলুৱা মুছলমানসকল অসমত অলপ অলপ কৈ সিঁচৰতি হৈ আছে । সেয়ে অসমীয়া খিলঞ্জীয়া মুছলমানসকলে বিধায়ক হৈ আহিব নোৱাৰে ।
তেওঁ আৰু কয় যে বঙালী মুছলমানসকলে বিধানসভালৈ নিৰ্বাচিত হৈ আহে । থলুৱা মচুলমানে কিবা কাম কৰিব লাগে বুলি ক’লে বঙালী বিধায়কে কৰি নিদিয়ে । বঙালী মুছলমানৰ সৈতে অসমীয়া মুছলমান একাকাৰ কৰি ভবাৰ বাবেই অসমীয়া মুছলমানসকলে ভিন্ন সময়ত লাজত পৰিবলগীয়া হয় । অসমীয়া মুছলামনে PFI নকৰে । কিন্তু আমি মুছলমান হোৱাৰ বাবেই বঙালী মুছলমানৰ বাবে গ্লানি সহিব লগীয়া হয় ।
লগতে পঢ়ক: Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ