গুৱাহাটী,২৩ ছেপ্টেম্বৰ: ৰাজ্যৰ ঔদ্যোগিক খণ্ডৰ বাবে ভাল খবৰ । দেশৰ ছটাকৈ প্ৰতিষ্ঠানে ৰাজ্যখনত বিনিয়োগ কৰিব মুঠ ৩,১১৪ কোটি টকা ।
অসমত উদ্যোগীকৰণৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰাৰ প্ৰচেষ্টা হিচাপে শনিবাৰে জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত দেশৰ কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানে অসম চৰকাৰ সৈতে প্ৰায় ৩,১১৪ কোটি টকা ঔদ্যোগিক বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে স্থাপন হ'বলগীয়া উদ্যোগসমূহে ৰাজ্যত প্ৰায় ৫,০০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব । অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু পৰ্যটন বিভাগৰ সৈতে মেগা ঔদ্যোগিক প্রকল্প স্থাপনৰ বাবে ছটাকৈ প্ৰতিষ্ঠানে চুক্তিত স্বাক্ষৰ কৰে ।
বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা ছটা কোম্পানী হৈছে ক্ৰমে কেছাৰ পেট্ৰ' প্ৰডাক্টছ, লংস্পেন ষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড, এছ বি এল বিস্কুট প্ৰাইভেট লিমিটেড, উমৰাংছু (ভাৰত) চিমেণ্ট এল এল পি, সুনীত ব্ৰুৱেৰীজ প্ৰাইভেট লিমিটেড আৰু জেৰিকো ফুডছ এণ্ড বেভাৰেজছ এল এল পি ।
ইয়াৰে ২০০০ কোটি টকা ব্যয় কৰিব মেচাৰ্চ কেছাৰ পেট্ৰ' প্ৰডাক্টছ লিমিটেডে । উল্লেখ্য যে ২০১৯ৰ ঔদ্যোগিক নীতি অনুসৰি সংশ্লিষ্ট প্ৰতিষ্ঠানে লাভ কৰিব ৰাজসাহায্য ।
আনহাতে ছাৰাফ গ্ৰুপ অৱ হোটেলছে এ টি ডি চিৰে হোটেল নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । চাৰাফ গ্ৰুপে কাজিৰঙাৰ হাতীখুলিত নিৰ্মাণ কৰিব পঞ্চতাৰকা হোটেল ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম উন্নতিৰ পথত । অসম ঔদ্যোগিক ৰাজ্যলৈ পৰ্যবসিত হ'ব । ইয়াৰ পূৰ্বে আঠটা উদ্যোগৰ সৈতে প্ৰায় ৮ হাজাৰ কোটি টকাৰ প্ৰজেক্টৰ বাবে চুক্তি কৰা হৈছিল । আজি ৩১১৪ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে ।
মুখ্যমন্ত্রীয়ে লগতে কয় যে আৰু ১১ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ নতুনকৈ আহিছে । নিৰ্দিষ্ট নিয়মৰ মাজেৰে এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰি পৰ্যায়ক্ৰমে চুক্তি স্বাক্ষৰ কৰা হ'ব । অহা বছৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ পাম বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পৰৱৰ্তী দুছৰত আৰু ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ লাভৰ বাবে প্ৰয়াস থাকিব চৰকাৰৰ ।
অসমৰ বাহিৰত গ'লে বহুতে অসমত উদ্যোগ স্থাপনৰ প্ৰস্তাৱ দিয়ে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ২১ বছৰ মন্ত্ৰী হৈ থকাৰ সময়ত পূৰ্বে কেতিয়াও এনে আগ্ৰহ দেখা নাছিলো । মুখ্যমন্ত্রীয়ে লগতে কয় যে আজিকালি ভূমি ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰা, বিদ্যুতৰ সংযোগ, মাটি বিক্ৰীৰ পঞ্জীয়ন আৰু অনুমতি আদি সকলো অনুমতিৰ কাম এমাহৰ ভিতৰত সম্পন্ন হয় ।
মানুহ গতিশীল আৰু পৰিবৰ্তনশীল হ'বই লাগিব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে লেহেমীয়া গতিত গলে আগবাঢ়িব নোৱাৰিম, সেয়ে কামবোৰ খৰতকীয়া কৰিব লাগিব । উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মানুহৰ বাধা থাকিব নালাগে । বৰ্তমান সময়ত অনলাইন যোগেই সকলো অনুমতি সম্পন্ন হৈ যাব লাগে ।
মাটি বাৰীৰ লগতে অন্য অনুমতি ল'ব লগা কামত লেহেমীয়া গতিত আগবাঢ়িলে অসম অন্য ৰাজ্যতকৈ পিছ পৰি যাব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী সঞ্জয় কিষাণ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।