ETV Bharat / state

Assam government griha pravesh ceremony: এইবাৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে

author img

By

Published : May 26, 2023, 10:12 PM IST

আগষ্ট মাহৰ ভিতৰত অসম চৰকাৰে একেলগে আঢ়ৈ লাখতকৈয়ো অধিক PMAY ঘৰত একেলগে গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদমেলত এই কথা ঘোষণা কৰে (Assam government planning griha pravesh ceremony) ৷

Assam government griha pravesh ceremony
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদ মেল
গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা

গুৱাহাটী, ২৬ মে’ : চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ উৎসৱৰ পিচত এইবাৰ সমগ্ৰ ৰাজ্যজুৰি বৃহৎ গৃহ প্ৰৱেশ অনুষ্ঠান চাবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো আগষ্ট মাহৰ ভিতৰত অসম চৰকাৰে একেলগে আঢ়ৈ লাখতকৈয়ো অধিক PMAY ঘৰত একেলগে গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে ৷ বৰ্তমানলৈকে অসমত PMAY-G ৰূপায়ণৰ খতিয়ান দাঙি ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদমেলত এই কথা ঘোষণা কৰে (Assam government is planning a mass griha pravesh) ৷

অসমত PMAY-G ৰূপায়ণৰ দুৰ্বলতাক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে শুকুৰবাৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে দাঙি ধৰিলে আঁচনিখনৰ ৰূপায়ণৰ খতিয়ান ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীন হৈছে চৰকাৰৰ গ্ৰাম্য কল্যাণকামী আঁচনিসমূহৰ অন্যতম ৷ এই আঁচনিখনে ৰাজ্যখনৰ ১৯ ​​লাখতকৈ অধিক হিতাধিকাৰীক সামৰি লৈছে ৷ ‘সকলোৰে বাবে আৱাস’— এই লক্ষ্যৰে অসমত ১৮,৩০,৪০০টা পিএমএৱাইজি ঘৰ অনুমোদন জনাইছে আৰু ইয়াৰে এতিয়ালৈ ১১,৬৩,৪৭১টা ঘৰৰ কাম সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ অনুমোদিত মুঠ ১১,৬৩,৪৭১টা পিএমএৱাই-জি ঘৰৰ ভিতৰত অসমত সম্পূৰ্ণ হৈছে ৭,৫৯,১৬৩টা পিএমএৱাই-জি ঘৰ ৷ নিৰ্মাণ কৰিবলৈ বাকী থকা ৬,৬৬,৯২৯টা ঘৰ ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কয় মন্ত্ৰীজনে (Assam government planning griha pravesh ceremony) ৷

অসম চৰকাৰে বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত ১৪,৫৪০.৮৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে ৷ ইয়াৰে ১,৪৫৪.০৪ কোটি টকা ৰাজ্য চৰকাৰৰ শ্বেয়াৰ হিচাপে আৰু ১৩০৮৬.৭৬ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰিত্ব হিচাপে ১৪৫৪.০৮ কোটি টকা লাভ কৰে ৰাজ্যখনে ৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা আজিলৈকে ৰাজ্য চৰকাৰে আঁচনিৰ মুঠ ১২,৫০৪.৭৯ কোটি টকা ইতিমধ্যে ব্যয় কৰিছে ৷ আনহাতে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায় যে, ভূমিহীন লোকসকলক গৃহ আৱণ্টন দিব নোৱাৰাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ ৷ যাৰ বাবে আজিৰ তাৰিখত ৰাজ্য চৰকাৰে ৪০,০৯৬ জন ভূমিহীনক ভূমি প্ৰদান কৰি হিতাধিকাৰীসকলক ঘৰৰ অনুমোদন জনাইছে (Assam government griha pravesh ceremony) ৷

পাঞ্জাবাৰীৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী দাসে উল্লেখ কৰে যে একেদৰে পৰৱৰ্তী সময়ত ভূমিহীন পিএমএৱাই-জি হিতাধিকাৰীক থকা ঠাই দিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে পিএমএৱাই-জি ঘৰ নিৰ্মাণৰ বাবে মাটি প্ৰদানৰ পদক্ষেপ ৷ আজিলৈকে ৯৯ জন হিতাধিকাৰীক সামৰি এনে ৭ টা ক্লাষ্টাৰ সম্পূৰ্ণ কৰা হৈছে ৷ আনহাতেদি ১৯টা ক্লাষ্টাৰ চলি আছে যিয়ে ১০খন জিলাৰ ৮৩৮জন হিতাধিকাৰীক সামৰি লৈছে ৷ এই দহখন জিলা হ’ল ক্ৰমে— বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ধুবুৰী, গোলাঘাট, লখিমপুৰ, হাইলাকান্দি, মৰিগাঁও আৰু নগাঁও (Griha pravesh ceremony) ৷

লগতে, ৰাজ্য চৰকাৰে এটা মানক পৰিচালনা পদ্ধতি (SOP) প্ৰণয়ন কৰিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ চাহ বাগিচা অঞ্চলত পিএমএৱাই-জি গৃহ নিৰ্মাণ আজিৰ তাৰিখলৈকে চাহ বাগিছাৰ মুঠ ৮১,৬৩৮ জন হিতাধিকাৰীক PMAY-G Housing ৰ দ্বাৰা সামৰি লোৱা হৈছে ৷ সংবাদমেলত মন্ত্ৰী ৰঞ্জিত দাসে কৰা গুৰুত্বপূৰ্ণ আন এটি ঘোষণা হ’ল যে ৰাজ্য চৰকাৰে এক সমজুৱা পিএমৱাইএ গৃহ প্ৰৱেশ অনুষ্ঠানৰো পৰিকল্পনা কৰিছে ৷ আগষ্ট মাহৰ ভিতৰত এই অনুষ্ঠান আয়োজন কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ সমগ্ৰ ৰাজ্যত একেলগে ২.৫ লাখতকৈয়ো অধিক ঘৰৰ গৃহ প্ৰৱেশ অনুষ্ঠান চৰকাৰীভাৱে আয়োজন কৰা হ’ব ৷ ইয়াৰে ভিতৰত ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈ ইতিমধ্যে ২ লাখতকৈ অধিক এই আঁচনিৰ ঘৰ সম্পূৰ্ণ কৰা হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ (Over 18 lakh houses sanctioned in Assam) ৷

লগতে পঢ়ক: ADR controversy: নিযুক্তিৰ সংখ্যাক লৈ শাসক বিৰোধীৰ চুপতি; স্বচ্ছ নিকা জাতীয় শব্দ আওঁৰাই শান্তনা লোৱাৰ চেষ্টা বিজেপিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.