গুৱাহাটী, ২৮ মাৰ্চ : বহু চৰ্চা, আন্দোলন, বিক্ষিপ্ত পৰিস্থিতিৰ অন্তত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে সোমবাৰে আনুষ্ঠানিকভাৱে জাগীৰোডৰ নগাঁও কাগজ কল আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজকলৰ সকলো সা-সম্পত্তি চমজি লয় । নগাঁও কাগজ কল চৌহদত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অসম উদ্যোগীক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, অফিচিয়েল লিকুইডিটৰৰ কৰ্তৃত্বশীল বিষয়া মলয় ৰঞ্জন ঠাকুৰ আৰু কুলদীপ বাৰ্মাৰ মাজত এক চুক্তি স্বাক্ষৰ কৰা হয় আৰু দুয়োটা কাগজ কলৰে সকলো সা-সম্পত্তি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে চমজি লয় (AIDC has taken over the assets of Nagaon and Cachar paper mills) ।
![Government has taken over the properties of paper mill](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-paper-mills-govt-7206058_28032022214921_2803f_1648484361_500.jpg)
কাগজ কল দুটাত ৰাজ্য চৰকাৰৰ কোনো অংশদাৰীত্ব নাছিল যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰী সকলক সকাহ দিবলৈ ইতিমধ্যে ৭০০ কোটি টকা মোকলাই দিয়ে । ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱাৰ পিছত এই ধনৰাশি ইতিমধ্যে মোকলাই দিছে চৰকাৰে । এই ধনেৰে কৰ্মচাৰী সকলে দীৰ্ঘদিনৰ পৰা লাভ নকৰা দৰমহা, বিদ্যুতৰ বিল আদি পৰিশোধ কৰা হ'ব বুলি জানিব পৰা গৈছে ।
![Government has taken over the properties of paper mill](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-paper-mills-govt-7206058_28032022214921_2803f_1648484361_1026.jpg)
উল্লেখযোগ্য যে, কাগজ কল দুটা নিলামৰ বাবে একাধিকবাৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতো কোনো আগ্ৰহী আগবাঢ়ি অহা নাছিল । আনহাতে, এই ই-নিলাম প্ৰক্ৰিয়াত অসম ঔদ্যোগিক উন্নয়ন নিগমেও ভাগ লৈছিল আৰু নিলাম প্ৰক্ৰিয়াৰ মাজেৰে কল দুটাৰ সা-সম্পত্তিৰ স্বত্ব লাভ কৰিছিল । সোমবাৰে কাগজ কল দুটা আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে চমজি লোৱাত ইয়াৰ কৰ্মচাৰীসকলেও যথেষ্ঠ সকাহ লাভ কৰিছে ।
লগতে পঢ়ক : ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা ; কংগ্ৰেছৰ সভালৈ নাহিল শ্বেৰমান