ETV Bharat / state

নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ - নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

ৰাজ্যখন প্ৰায় এক লাখ কোটি টকাৰ ঋণৰ বোজাত পোত যোৱাৰ পাছতো চৰকাৰখনে অব্যাহত ৰাখিছে ঋণ লোৱাৰ প্ৰক্ৰিয়া (Debt burden on Assam government)। নির্বাচনৰ সময়ত ভোটাৰৰ মন জয় কৰিবলৈ কৰা ঘোষণাসমূহ ৰূপায়ণৰ বাবেই যেন এতিয়া প্রতি মাহেই ঋণ ল'বলৈ বাধ্য হৈছে চৰকাৰ । ঋণৰ বোজা বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে সুদৰ পৰিমাণ । বিগত ছয়টা বছৰত ৰাজ্য চৰকাৰে সুদৰ বাবদ ভৰিছে ২২,২৬৯ কোটি টকা ।

নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

author img

By

Published : Feb 18, 2022, 4:54 PM IST

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী : ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । ৰাজ্যখন প্ৰায় এক লাখ কোটি টকাৰ ঋণৰ বোজাত পোত যোৱাৰ পাছতো চৰকাৰখনে অব্যাহত ৰাখিছে ঋণ লোৱাৰ প্ৰক্ৰিয়া । নিৰ্বাচনৰ সময়ত ভোটাৰৰ মন জয় কৰিবলৈ কৰা ঘোষণাসমূহ ৰূপায়ণৰ বাবেই যেন এতিয়া প্ৰতি মাহেই ঋণ ল'বলৈ বাধ্য হৈ পৰিছে চৰকাৰখন । আনকি ঋণৰ বোজা যিমানে বৃদ্ধি পাইছে সিমানে সুদৰ পৰিমাণো বৃদ্ধি পাইছে (Debt burden on Assam government)।

বিগত ছয়টা বছৰত ৰাজ্য চৰকাৰে সুদৰ বাবদ ভৰিব লগীয়া হৈছে ২২,২৬৯ কোটি টকা । সুদৰ নামত ২০২০-২১ বৰ্ষত সৰ্বাধিক ৫,১৯৯.১৮ কোটি টকা বহন কৰিবলগীয়া হৈছে । কিন্তু এইবোৰকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অলপো ভ্ৰুক্ষেপ নাই । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে জি ডি পিৰ ধার্য সীমাৰ ভিতৰত ঋণ লোৱা হৈছে ।

Assam govt
অসম চৰকাৰে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

এই যুক্তিৰ আধাৰত দৈনিক ৰাজ্যৰ ঋণৰ বোজা বৃদ্ধি কৰিছে । বিত্ত বিভাগৰ এটা সূত্ৰৰ মতে বিগত মাহত ৰিজাৰ্ভ বেংকৰ জৰিয়তে ৰাজ্য চৰকাৰখনে মুকলি বজাৰৰ পৰা ৬৫৩ কোটি টকা ঋণ লোৱাৰ পাছত চলিত মাহতো এতিয়ালৈকে মুঠ ১,৬০০ কোটি টকা ঋণ লৈছে । মন কৰিবলগীয়া কথা যে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে হিতাধিকাৰী সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰখনে যি হাৰত ঋণ ল'বলৈ আৰম্ভ কৰিছে তাৰ ফলত ভৱিষ্যতে ৰাজ্যখনত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পাইছে ।

Assam govt
অসম চৰকাৰে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

বিশেষকৈ ৰাজ্যৰ ১১ লাখ মহিলাক মাইক্র'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰথম পদক্ষেপ হিচাপে ২৫ হাজাৰ টকাকৈ দিয়াৰ যি আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলত ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ওলাই গৈছে । উল্লেখ্য যে ৰাজ্য চৰকাৰখনে চলিত বিত্তীয় বৰ্ষত প্ৰায় ১৪ হাজাৰ কোটি টকা ঋণ লোৱাৰ লক্ষ্য হাতত লৈছিল । চৰকাৰখনে এই পৰিমাণৰ ঋণ গ্ৰহণ কৰিলে চলিত বিত্তীয় বর্ষ অন্তত ৰাজ্যৰ ঋণৰ পৰিমাণে এক লাখ কোটি টকা অতিক্ৰম কৰিব ।

Assam govt
অসম চৰকাৰে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

উল্লেখ্য যে পূৰ্বৰ তৰুণ গগৈ চৰকাৰখনে দি থৈ যোৱা ঋণৰ বোজা আছিল প্ৰায় ৩৫,৬৯০ কোটি টকা । কিন্তু ইয়াৰ পাছত সোণোৱাল চৰকাৰ আৰু এতিয়াৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি হাৰত ঋণ লৈছে সেয়া হৈছে অভাৱনীয় । ইফালে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৰালাৰ দৰে ৰাজ্যই ঋণ লৈ ৰাজ্যৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিছে বুলি যুক্তি দৰ্শাইছে যদিও কেৰালাই ঋণৰ ধন কি কামত ব্যয় কৰিছে সেয়াহে হৈছে সকলোতকৈ ডাঙৰ কথা ।

লগতে পঢ়ক :গ্ৰামাঞ্চললৈ সুখবৰঃ পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ ৭০ শতাংশ পুঁজিয়েই পাব গাঁও পঞ্চায়তে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.